ETV Bharat / international

Explosion in Pakistan: পাকিস্তানত বোমা বিস্ফোৰণ; ৩৫ জন নিহত, দুই শতাধিক আহত - মুৰব্বী মৌলানা ফজলুৰ ৰহমান

পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা ৷ জমিয়ত উলেমা-ই-ইছলাম-ফজল (জেইউআই-এফ)ৰ এক কৰ্মী সন্মিলনত বোমা বিস্ফোৰণ হৈ 35 জন লোক নিহত হোৱাৰ লগতে 200 জনৰো অধিক লোক আহত হয় ৷

At least 35 killed, 80 injured in blast at political party's meeting in Pakistan
পাকিস্তানত বিস্ফোৰণ
author img

By

Published : Jul 30, 2023, 8:19 PM IST

Updated : Jul 30, 2023, 10:18 PM IST

নিউজ ডেস্ক, 30 জুলাই : দেওবাৰে পাকিস্তানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ পাকিস্তানৰ বাজাউৰৰ খাৰত অনুষ্ঠিত হোৱা জমিয়ত উলেমা-ই-ইছলাম-ফজল (জেইউআই-এফ)ৰ এক কৰ্মী সন্মিলনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বোমা বিস্ফোৰণৰ ফলত কমেও 35 জন লোক নিহত হয় আৰু 200 জনৰো অধিক লোক আহত হয় বুলি আৰক্ষীৰ লগতে স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়ে ৷

এই ঘটনাৰ পিচতে জেইউআই-এফৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু প্ৰদেশৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী আজম খানক ঘটনাটোৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ তেওঁ লগতে দলীয় কৰ্মীসকলক চিকিৎসালয়ত উপস্থিত হৈ আহতসকলক ৰক্তদান কৰিবলৈ আহ্বান জনায় ৷

ইফালে মুখ্যমন্ত্ৰী আজম খানে এই বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে জিলা প্ৰশাসনৰ পৰা ঘটনা সন্দৰ্ভত প্ৰতিবেদন বিচাৰে ৷ খাইবাৰ পাখতুনখোৱাৰ ৰাজ্যপাল তথা জেইউআইএফৰ কেন্দ্ৰীয় সদস্য হাজী গোলাম আলীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চিত কৰিছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি আহতসকলক নিকটৱৰ্তী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ বেছিসংখ্যক আঘাতপ্ৰাপ্ত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

ৰেছক্যুউ 1122 ৰ মুখপাত্ৰ বিলাল ফাইজীয়ে এক সংবাদমাধ্যমক জনোৱা অনুসৰি ঘটনাৰ পিচতেই পাঁচখন এম্বুলেন্স সেই স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ জেইউআই-এফৰ নেতা হাফিজ হামদুল্লাই কয় যে, তেওঁও আজি এই সন্মিলনত উপস্থিত থকাৰ কথা আছিল কিন্তু কিছু ব্যক্তিগত কাৰণৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে ৷

হামদুল্লাই লগতে কয়, "এই বিস্ফোৰণক তীব্ৰ গৰিহণা দিছো আৰু ইয়াৰ আঁৰত থকাসকলক মই ক’ব বিচাৰো যে এয়া জিহাদ নহয়, সন্ত্ৰাসবাদ ৷ এয়া মানৱতা আৰু বাজাউৰৰ ওপৰত আক্ৰমণ ৷ জেইউআই-এফক লক্ষ্য কৰি এনে ঘটনা সংঘটিত কৰা এইটোৱেই প্ৰথম ঘটনা নহয় ৷ এই বিস্ফোৰণটোৰ উচিত তদন্তৰ হওক ৷ আমাৰ কৰ্মীসকলক লক্ষ্য কৰি লোৱা হৈছে ৷ আমি সংসদত ইয়াৰ বিৰোধিতা কৰি মাত মাতিছিলো, কিন্তু কোনো ব্যৱস্থা লোৱা হোৱা নাছিল ৷"

হামদুল্লাই শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰাদেশিক চৰকাৰক আহতসকলক উন্নত চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: US President election: আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰত একাধিক ভাৰতীয় মূলৰ প্ৰাৰ্থী

Last Updated : Jul 30, 2023, 10:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.