ETV Bharat / international

Hamas Attack on Israel : ইজৰাইলী ক্ষেপণাস্ত্ৰৰ গাজাত আঘাত; চিন্তাত হামাছে বন্দী কৰা প্ৰিয়জনৰ পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 1:32 PM IST

হামাছৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজাৰ লক্ষ্যস্থানত মিছাইল আক্ৰমণ কৰিছে । আনহাতে, এই ক্ষেত্ৰত নিজৰ প্ৰিয়জনৰ জীৱনৰ প্ৰতি আহিব পৰা ভাবুকিত পৰিয়ালবোৰ ভয়ত বিতত হৈ আছে । উল্লেখ্য, হামাছে সতৰ্ক কৰি দিছে যে ইজৰাইলে যদি গাজাত অসামৰিক লক্ষ্যত বোমাবৰ্ষণ বন্ধ নকৰে তেন্তে হামাছে বন্দী কৰা ১৩০ জন বন্দীৰ এজন এজনকৈ হত্যা কৰিব ।

Hamas Attack on Israel
Hamas Attack on Israel

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ অক্টোবৰ : শনিবাৰে হামাছে ইজৰাইলৰ অতি শক্তিশালী সুৰক্ষা বেহু সীমান্ত বেৰ সত্ত্বেও গাজাৰ পৰা দেশখনত প্ৰৱেশ কৰি নৰসংহাৰ আৰম্ভ কৰে । আনহাতে, এই আক্ৰমণৰ কেইঘণ্টামানৰ ভিতৰতে আহাল বেচোৰা নামৰ এগৰাকী ভাতৃয়ে তেওঁৰ ভগ্নীৰ ওচৰলৈ যাবলৈ প্ৰাণপণে চেষ্টা কৰিছিল ।

কিন্তু ইয়াৰ ঠিক পিছতে তেওঁ প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰে যে উগ্ৰপন্থীয়ে তেওঁৰ ভগ্নী, তেওঁৰ স্বামী আৰু তেওঁলোকৰ কিশোৰ পুত্ৰ আৰু কন্যাক আন কেইবা ডজন লোকৰ সৈতে বন্দী কৰিছে । বৰ্তমান তেওঁলোকৰ ভাগ্যক লৈ অনিশ্চয়তাই দেখা দিছে । যিয়ে বেচোৰাৰ লগতে আন বহু ইজৰাইলীক আৱোগ বিহ্বল কৰি তুলিছে । "মই কান্দিব লাগে নেকি, কিয়নো তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে ? মই সুখী হোৱা উচিত নেকি, কাৰণ হয়তো তেওঁলোকক বন্দী কৰি ৰখা হৈছে । কিন্তু এতিয়াও জীয়াই আছে ?" ফিলিপাইনছত বাস কৰা আৰু কিবুটজ বে'ৰিত ডাঙৰ-দীঘল হোৱা এখন ৰিজৰ্টৰ গৰাকী বেচোৰাই কয় । "মই প্ৰতিদিনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তেওঁক তেওঁৰ পৰিয়ালৰ সৈতে জীৱিত অৱস্থাত ঘূৰাই পোৱা যাব আৰু আমি সকলোৱে পুনৰ মিলিত হ'ব পাৰোঁ ।" তেওঁ লগতে কয় ।

আনহাতে, যেতিয়া ইজৰাইলে গাজাৰ লক্ষ্যস্থানত মিছাইল আক্ৰমণ কৰি হামাছক প্ৰত্যুত্তৰ দিছে, তেতিয়া পৰিয়ালবোৰে এই ভয়ত বিতত হৈ আছে যে তেওঁলোকৰ প্ৰিয়জনৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে । কিয়নো হামাছে সতৰ্ক কৰি দিছে যে ইজৰাইলৰ সামৰিক বাহিনীয়ে কোনো সতৰ্কতা অবিহনে গাজাত অসামৰিক লক্ষ্যত বোমা নিক্ষেপ অব্যাহত ৰাখিলে তেওঁলোকে পণবন্দী কৰি থকা ১৩০ জন বন্দীক এজন এজনকৈ হত্যা কৰিব ।

ইফালে এলি এলবাগ নামৰ এগৰাকী ব্যক্তিয়ে কৈছে যে তেওঁ শনিবাৰে তেওঁৰ ১৮ বছৰীয়া কন্যা লিৰিৰ পৰা মেছেজ লাভ কৰি টোপনিৰ পৰা সাৰ পায় উঠে । উল্লেখ্য যে তেওঁ শেহতীয়াভাৱে সেনাবাহিনীত অন্তৰ্ভুক্ত হৈ গাজা সীমান্তত তেওঁৰ সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল । তেওঁ লিখিছে, সন্ত্ৰাসবাদীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীয়াই আছিল । কেইমিনিটমানৰ পিছতে তেওঁৰ মেছেজ বন্ধ হয় । নিশালৈকে হামাছে প্ৰচাৰ কৰা এটা ভিডিঅ'ত দেখা যায় যে তেওঁ সন্ত্ৰাসবাদীয়ে বন্দী কৰা এখন ইজৰাইলী সামৰিক ট্ৰাকত ভিৰৰ মাজত আছিল । লিৰিৰ কাষত থকা থকা এগৰাকী বন্দীৰ মুখখন ক্ষতি-বিক্ষত আৰু ৰক্তহীন হৈ পৰিছিল ।

"আমি নিৰন্তৰভাৱে টেলিভিছন চাই আছোঁ আৰু তেওঁক বিচাৰি আছোঁ ।" এলবাগে কয় । "আমি সকলো সময়তে তেওঁৰ বিষয়ে চিন্তা কৰি আছোঁ । সকলো সময়তে ভাবি আছোঁ যে তেওঁলোকে তেওঁৰ যত্ন লৈছেনে নাই... যদি তেওঁক খাবলৈ দিয়া হৈছে... তেওঁ কেনে অনুভৱ কৰিছে ।" এলবাগে লগতে কয় । উল্লেখ্য যে ইজৰাইলৰ বাবে গাজাত বন্দীসকলক বিচাৰি উলিওৱাটো কঠিন প্ৰমাণিত হ'ব পাৰে । যদিও ঠাইখন সৰু আৰু তাত নিৰন্তৰ আকাশী নিৰীক্ষণ চলি আছে, ইজৰাইলী স্থল আৰু নৌ বাহিনীয়ে আৱৰি আছে, কিন্তু টেল আভিভৰ পৰা মাত্ৰ এঘণ্টাতকৈ অলপ বেছি দূৰত্বৰ অঞ্চলটো ইজৰাইলী চোৰাংচোৱা সংস্থাৰ বাবে কিছু অস্বচ্ছ হৈ আছে ।

লগতে পঢ়ক :What is Hamas : সম্প্ৰতি চৰ্চাত থকা হামাছৰ ইতিহাস কি...?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.