ETV Bharat / international

Airstrike on Myanmar Village : ম্যানমাৰৰ গাঁৱত বিমান আক্ৰমণত নিহত শতাধিক

ম্যানমাৰত সেনা শাসনৰ বিৰোধীৰ ওপৰত সামৰিক বাহিনীৰ বিমান আক্ৰমণ । সেনা শাসনৰ বিৰোধীৰ দখলত থকা এখন গাঁৱত সংঘটিত বিমান আক্ৰমণত নিহত প্ৰায় ১০০ জন লোক (100 killed in airstrike on Myanmar village) ।

author img

By

Published : Apr 12, 2023, 6:57 AM IST

Updated : Apr 12, 2023, 7:30 AM IST

Myanmar air strikes
Myanmar air strikes

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ এপ্ৰিল : ম্যানমাৰ সামৰিক বাহিনীৰ বিমান আক্ৰমণত নিহত প্ৰায় ১০০জন লোক । ম্যানমাৰত সেনা শাসনৰ বিৰোধীৰ দখলত থকা এখন গাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাত এই আক্ৰমণ চলোৱা হয় । আক্ৰমণত বহুকেইগৰাকী শিশুসহ প্ৰায় ১০০ জন লোক নিহত হয় (100 killed in airstrike on Myanmar village) । এগৰাকী প্ৰত্যক্ষদৰ্শী তথা স্থানীয় গণতন্ত্ৰপন্থী গোট আৰু স্বতন্ত্ৰ সংবাদ মাধ্যমৰ সদস্য এগৰাকীয়ে এই কথা জনাইছে । উল্লেখ্য, ২০২১ চনত আৰম্ভ হোৱা সামৰিক শাসনৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ প্ৰতিৰোধ কৰিবলৈ সামৰিক বাহিনীয়ে ক্ৰমান্বয়ে এনে ধৰণৰ বিমান আক্ৰমণ কৰি আহিছে (Myanmar military airstrikes) ।

তেতিয়াৰে পৰা সেনাবাহিনীৰ হাতত ৩,০০০-তকৈও অধিক নাগৰিক নিহত হোৱা বুলি অনুমান কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ প্ৰধানে প্ৰকাশ কৰা মতে, চাগাইঙৰ এটা কমিউনিটী হলত বিমান আক্ৰমণৰ খবৰ পোৱাত তেওঁ হতচকিত হৈছে । এই প্ৰসংগত ভলকাৰ তুৰ্কে কয়, "দেখা গৈছে যে নৃত্য পৰিবেশন কৰি থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আন অসামৰিক লোকসকল ইয়াৰ ভুক্তভোগী হয় ।"

  • Myanmar | Airstrikes by Myanmar’s military on Tuesday killed as many as 100 people, including many children, who were attending a ceremony held by opponents of army rule, reports The Associated Press

    — ANI (@ANI) April 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ঘটনাস্থলীত থকা এজন জৰুৰীকালীন কৰ্মী আৰু নিজকে ম্যানমাৰৰ প্ৰকৃত চৰকাৰ বুলি গণ্য কৰা ৰাষ্ট্ৰীয় ঐক্য চৰকাৰৰ (shadow National Unity Government Myanmar) এজন বিষয়াই কয় যে চাগাইং অঞ্চলত সংঘটিত আক্ৰমণত নিহতসকলৰ ভিতৰত কমেও ৩০ টা শিশু আছে । মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । "এইটো এটা যুদ্ধ অপৰাধ ।" স্থানীয় বিৰোধী গ্ৰুপৰ এজন সৈনিক তথা উক্ত স্থানত মৃতদেহ উদ্ধাৰ কৰাত সহায় কৰা বিয়াৰ কীয়ে এনেদৰে কয় । "তেওঁলোকে আক্ৰমণ কৰা ঠাইখন সামৰিক লক্ষ্য নাছিল ।" তেওঁ লগতে কয় ।

উদ্ধাৰকাৰীসকলে দক্ষিণ চাগাইং অঞ্চলৰ পাজিগি গাঁৱত প্ৰত্যক্ষ কৰা এক ভয়ংকৰ দৃশ্য বৰ্ণনা কৰিছে । উক্ত স্থানত এখন সামৰিক জেট আৰু হেলিকপ্টাৰে বোমা বিস্ফোৰণ কৰে। এই বিস্ফোৰণৰ পিচত মানুহৰ শৰীৰৰ অংশবোৰ এক বিস্তৃত এলেকাত সিঁচৰতি হৈ পৰিছিল । এই আক্ৰমণ মুখ্যত অসামৰিক লোকৰ সমাবেশ হোৱা স্থানতে সংঘটিত হয় । ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা গাঁওখনৰ ফটোবোৰত এক ডজনতকৈও অধিক জ্বলা-পোৰা আৰু বিকৃত মৃতদেহ দেখুওৱা হৈছে । আনহাতে, ভিডিঅ'বোৰত এটা ধ্বংসপ্ৰাপ্ত অট্টালিকা, জ্বলি যোৱা মটৰচাইকেল আৰু ধ্বংসাৱশেষ বিস্তৃত এলেকাত সিঁচৰতি হৈ থকা দেখা গৈছে । আক্ৰমণৰ স্পষ্ট লক্ষ্য আছিল স্থানীয় প্ৰতিৰোধ আন্দোলনৰ প্ৰশাসনিক কাৰ্যালয় খোলাৰ বাবে আয়োজিত এক উদযাপন অনুষ্ঠান ।

উল্লেখ্য যে ১৯৪৮ চনত স্বাধীনতা লাভৰ পিচৰে পৰা আঞ্চলিক নিয়ন্ত্ৰণৰ বাবে সশস্ত্ৰ জাতি-গোটৰ সৈতে যুঁজ দিয়া ম্যানমাৰৰ সামৰিক বাহিনীৰ সাধাৰণ লোকৰ ওপৰত নিৰ্মম আক্ৰমণৰ এক দীঘলীয়া ইতিহাস আছে । অভ্যুত্থানৰ পিচৰে পৰা গণতন্ত্ৰপন্থী শক্তিয়ে কিছুমান সশস্ত্ৰ জাতি-গোটৰ সৈতে এক ৰাষ্ট্ৰীয় অভিযানত সামৰিক বাহিনীক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে একত্ৰিত হৈছে । যাৰ ফলত সামৰিক বাহিনীয়ে সন্মুখীন হোৱা আটাইতকৈ একত্ৰিত প্ৰতিৰোধ আন্দোলনৰ সৃষ্টি হৈছে । যিহেতু বিদ্ৰোহী বাহিনী ক্ৰমান্বয়ে উন্নতভাৱে সশস্ত্ৰ হৈ উঠিছে, সামৰিক বাহিনীয়ে বিগত মাহত এটা মঠত সন্ন্যাসী আৰু অসামৰিক লোকৰ হত্যাকে ধৰি মাৰাত্মক বিমান আক্ৰমণ আৰু সাধাৰণ লোকক আক্ৰমণ কৰাৰ কৌশল দুগুণ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক :Gunman shot dead in America : বন্দুকধাৰীৰ আক্ৰমণত পুনৰ আমেৰিকাত নিহত ৪ নিৰীহ

Last Updated : Apr 12, 2023, 7:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.