ETV Bharat / international

মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে সাজু ইৰাণ

author img

By

Published : Oct 20, 2020, 1:10 PM IST

ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমীৰ হাতামীয়ে গাল্ফ দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কয় যে, ইজৰাইল, আৰৱ আৰু বাহৰেইনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ পিছত এই দেশসমূহলৈ ভাবুকি আহিলে ইৰাণে প্ৰত্যক্ষ প্ৰতিক্ৰিয়া কৰিবলৈ সাজু থাকিব। গাল্ফ ক্ষেত্ৰৰ সুৰক্ষাৰ বাবে ইৰাণে বাৰম্বাৰ আন দেশসমূহৰ পৰা সহযোগিতা কামনা কৰি আহিছে।

মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে সাজু ইৰাণ
মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে সাজু ইৰাণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে ইৰাণ সাজু আছে বুলি প্ৰকাশ কৰিছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমীৰ হাতামীয়ে। সংবাদ গোষ্ঠী শিঞ্চুৱাই প্ৰকাশ কৰা তথ্য অনুসৰি, গাল্ফ দেশসমূহৰ সুৰক্ষাত গুৰুত্বৰ দিয়াৰ ইংগিত দি হাতামীয়ে সোমবাৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, 'ইজৰাইল, আৰৱ আৰু বাহৰেইনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাৰ পিছত এই দেশসমূহলৈ কোনো শক্তিয়ে ভাবুকি দিলে ইৰাণৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব লাগিব।' 'সামৰিক আৰু নিৰাপত্তা' চুক্তি ৰূপায়ণৰ বাবে ইৰাণে বাৰে বাৰে আহ্বান জনাই আহিছিল। শেহতীয়াকৈ এই ক্ষেত্ৰত নিজৰ স্থিতি সন্দৰ্ভত স্পষ্ট কৰি দিয়ে ইৰাণে। মৰুৰ দেশৰ মাজৰ এই চুক্তিয়ে এক বৃহত্ শক্তি গঠনৰ ইংগিত বহন কৰিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.