ETV Bharat / international

আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই

author img

By

Published : Dec 20, 2020, 7:47 AM IST

তুৰ্কীৰ স্বাস্থ্যমন্ত্ৰী ফাহৰেট্টিন ক'চাই জনাইছে যে অক্সিজেন চালিত উচ্চ চাপযুক্ত যন্ত্ৰৰ বিস্ফোৰণ ঘটি তুৰ্কীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউ কক্ষত অগ্নিকাণ্ড সংঘটিত হৈছে ৷ অগ্নিকাণ্ডৰ ফলত আইচিইউত চিকিৎসাধীন হৈ থকা 9 গৰাকী ক'ভিড-19 আক্ৰান্ত ৰোগীয়ে দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক আঁকোৱালি লয় ৷

Hospital fire kills 9 COVID-19 patients at ICU in Turkey
আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই

নেচনেল ডেস্ক,20 ডিচেম্বৰ: দক্ষিণ তুৰ্কীত শনিবাৰে এটা অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰি থকা এটা আইচিইউত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আইচিইউটোত চিকিৎসাধীন হৈ থকা 9 গৰাকী লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লয় ৷ তুৰ্কীৰ স্বাস্থ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ৷

জানিব পৰা মতে দক্ষিণ পূব ইস্তানবুলৰ গাজিয়ানটেপৰ শংক ইউনাৰ্ভিচিটি হস্পিতাল নামৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ এক বিবৃত্তি অনুসৰি জানিব পৰা মতে, অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোক কেইগৰাকীৰ বয়স 56 ৰ পৰা 85 বছৰ ৷ অগ্নিকাণ্ডই 9 গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে যদিও শীঘ্ৰেই জুইকুৰাক নিয়ন্ত্ৰণলৈ অনা হয় ৷

ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে আৰু লগতে আইচিইউত চিকিৎসাধীন হৈ থকা 14 গৰাকী অন্য ৰোগীক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ গভৰ্ণৰৰ কাৰ্যালয়ৰ পৰা জনোৱা তথ্য অনুসৰি আইচিইউত 19 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল আৰু পুৱা প্ৰায় 4:45 বজাত এটা উচ্চ-চাপযুক্ত অক্সিজেন চালিত যন্ত্ৰৰ বিস্ফোৰণ ঘটি চিকিৎসালয়খনত অগ্নিকাণ্ডটো সংঘটিত হয় ৷ মৃত্যু হোৱা লোক কেইগৰাকীৰ বাদে অন্য কোনো লোকৰ হতাহতি হোৱা নাই ৷

লগতে পঢ়ক:ৱাশ্বিংটনত শীতকালীন ধুমুহাৰ ফলত ৫ জন লোকৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.