ETV Bharat / international

য়েমনত এয়াৰ ষ্ট্ৰাইকত মৃত্যু 31 গৰাকী - য়েমনৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু 31 জন লোকৰ

য়েমনৰ আল মাছলৱ জিলাত এয়াৰ ষ্ট্ৰাইক ৷ সেনাৰ এয়াৰ ষ্ট্ৰাইকত নিহত 31 গৰাকীকৈ লোক ৷ এই কথা সদৰি কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱীয় সমন্বয়কাৰী লিছ গ্ৰানডেয়ে ৷

য়েমনত এয়াৰ ষ্ট্ৰাইক, মৃত্যু 31 জন লোক
য়েমনত এয়াৰ ষ্ট্ৰাইক, মৃত্যু 31 জন লোক
author img

By

Published : Feb 16, 2020, 12:05 PM IST

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰীঃ য়েমনত বিদ্ৰোহী সংগঠন হাউথিছ আৰু চৌদি আৰৱ সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ ৷ চৌদি আৰৱ নেতৃত্বৰ এটা জোটৰ সেনাৰ উত্তৰাঞ্চলীয় প্ৰদেশৰ এটা পাহাৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ ফলত মৃত্যু 31 জনকৈ লোকৰ ৷ এই কথা সদৰি কৰিছে ৰাষ্ট্ৰসংঘৰ মানৱীয় সমন্বয়ক লিছ গ্ৰানডেয়ে ৷

শনিবাৰে য়েমেনী বিদ্ৰোহী তথা হাউথিছৰ দ্বাৰা জাওফ প্ৰদেশত চৌদি নেতৃত্বাধীন জোটৰ এটি যুদ্ধ বিমান ধ্বংস কৰাৰ কিছু ঘণ্টাৰ পাচতেই চৌদি আৰৱ সেনাই কৰে এয়াৰ ষ্ট্ৰাইকেৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷ এই এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় 31 গৰাকীকৈ লোকৰ ৷

শুকুৰবাৰে বিদ্ৰোহী সংগঠনে চৌদি আৰৱৰ টৰাণ্ডো (Tornado) যুদ্ধ বিমান ধ্বংস কৰাৰ পাচতেই এই এয়াৰ ষ্ট্ৰাইক আক্ৰমণ কৰে চৌদি আৰৱ সেনাই ৷ একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ধ্বংসস্তূপ বিমানখন চোৱাৰ সময়ত গোট খোৱা লোকৰ ওপৰত এই এয়াৰ ষ্ট্ৰাইক কৰা হয় ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই তেওঁলোক বিদ্ৰোহী সংগঠনৰ লোক আছিল নে সাধাৰণ নাগৰিক ৷

লগতে চাওক- আমেৰিকা তালিবান শান্তি চুক্তিৰ মাজতে আফগান এয়াৰষ্ট্ৰাইকত নিহত 8গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.