নেশ্যনেল ডেস্ক, 29 অক্টোবৰ: ছুৰী আক্ৰমণৰ ঘটনাত ফ্ৰান্সত প্ৰাণ হেৰুৱালে তিনিগৰাকী লোকে ৷ ফ্ৰান্সৰ ভূমধ্য সাগৰীয় চহৰ নিছস্থিত এক গীৰ্জাত সংঘটিত এই ছুৰী আক্ৰমণৰ ফলত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুকেইগৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷ বৃহস্পতিবাৰে ফ্ৰান্স আৰক্ষীয়ে এই কথা সদৰী কৰে ৷
এগৰাকী আৰক্ষী বিষয়াই জনাই যে বৃহস্পতিবাৰৰ ৰাতিপুৱা সংঘটিত আক্ৰমণৰ পাছতেই আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁক কাষৰে এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানলৈকে আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰাৰ পৰা আৰক্ষী বিৰত আছে আৰু আক্ৰমণৰ আঁৰৰ কাৰণ সম্পৰ্কে এতিয়ালৈকে স্পষ্টৰূপত কোনো কথা জানিব পৰা নাই ৷
অভিযুক্তৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় আৰক্ষীয়ে কয় যে বৃহস্পতিবাৰৰ ছুৰীকাঘাতৰ আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদী আক্ৰমণৰে সংযোগ সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক : ভিয়েটনামত ভূমিস্খলনৰ ফলত 7 গৰাকীৰ মৃত্যু,সন্ধানহীন 46