ইণ্টাৰনেশ্য়নেল ডেস্ক,5 এপ্ৰিল: পোলেণ্ডৰ সৰ্ববৃহৎ বিমানবন্দৰ ৱাৰশ্ব’ ছ’পিন বিমানবন্দৰত বোমাতংক ৷ কোনো অচিনাক্ত ব্যক্তিয়ে বোমাৰে বিমানবন্দৰতো উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে ৷ পোলেণ্ডৰ সীমান্ত সুৰক্ষাৰ মুখ্য বিষয়াই বিমানবন্দৰত থকা যাত্ৰীসকলক ইতিমধ্যে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷ বিমানবন্দৰটোত থকা কোনো এখন বিমানৰ ভিতৰতে বোমা থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি বিমানসমূহক স্কেন কৰি থকা হৈছে ৷
সুৰক্ষা বিষয়া ৰুডজকীৰ মতে,ইষ্টানবুলৰ পৰা অহা তুৰ্কী এয়াৰলাইনছৰ এখন বিমানে বিমানবন্দৰটোত অৱতৰণ কৰাৰ পিছতে এই বোমাতংকৰ সৃষ্টি হয় ৷
লগতে চাওকঃ মহাৰাষ্ট্ৰত ঘোষণা উইকেণ্ড লকডাউন