ইন্টাৰনেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : শীৰ্ষ পদত অধিক মহিলা নিযুক্তি দি বিপাঙত পৰিল পেৰিছ নগৰ প্ৰশাসন ৷ যিসমত ভাৰতৰ দৰে দেশত শীৰ্ষ পদত পুৰুষে অগ্ৰাধিকাৰ লাভ কৰি আহিছে সেই সময়ত পেৰিছত সংঘটিত হোৱা এই কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে ৷
2018 চনত বহুকেইটা শীৰ্ষ পদৰ বাবে মহিলাক নিযুক্তি দি 90,000 ইউৰোছ অৰ্থাৎ 110 ইউএছ ডলাৰ জৰিমনা ভৰিব লগা হ'ল পেৰিছ চিটী হল ৷ লিংগ সমতা নিশ্চিতকৰণৰ এখন আইন উলংঘা কৰাৰ বাবে এই জৰিমনা ভৰিব লগা হয় পেৰিছ চিটী হলে ৷
পেৰিছৰ মেয়ৰ এন হিদালগোয়ে এই জৰিমনাক 'অনুচিত' আৰু 'বিবেকহীন' বুলি মন্তব্য কৰিছে ৷ লগতে তেওঁ কয়, "মই সুখী যে, আমি জৰিমনা ভৰিব লগা হৈছে ৷" নগৰ পৰিষদৰ এক বৈঠকত তেওঁ জৰিমনাৰ বিষয়ে জানিবলৈ পাই আনন্দিত হৈ পৰা বুলি মন্তব্য কৰে ৷
পুনৰবাৰ জয়ী হৈ আসন দখল কৰা চছিয়েলিষ্ট পাৰ্টীৰ সদস্য হিদালগোয়ে কয় যে, 2018 চনত তেওঁ মেনেজমেন্টৰ শীৰ্ষ পদৰ বাবে 11 গৰাকী মহিলা আৰু 5 জন পুৰুষক নিযুক্তি প্ৰদান কৰিছিল ৷ ইয়াৰ অৰ্থ এয়া যে, তেওঁ 69 শতাংশ মহিলাক এইকেইটা শীৰ্ষ পদত নিযুক্তি প্ৰদান কৰিছিল ৷
হিদালগোয়ে হাস্যৰসিকভাৱে কয়, "চিটী হল মেনেজমেন্ট হঠাতে নাৰীবাদী হৈ পৰিল ৷"
উল্লেখ্য যে, 2013 চনৰ এখন আইন অনুসৰি, মহিলাসকলক প্ৰশাসনিক সেৱাৰ শীৰ্ষ পদত অধিষ্ঠিত হ'বৰ বাবে উন্নত সুবিধা প্ৰদান কৰিব লাগে লগতে উভয় লিংগৰ অতি কমেও 40 শতাংশই নিযুক্তি লাভ কৰিব লাগে ৷
তেতিয়াৰে পৰা লিংগ সমতাক সন্মান প্ৰদান কৰাৰ লগতে নিযুক্তিৰ সময়ত এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ পেৰিছ চিটী হলৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াৰ 47 শতাংশই মহিলা ৷
হিদালগোয়ে কয়, "লিংগ সমতাৰ ক্ষেত্ৰত যিহেতু ফ্ৰান্সৰ মহিলাসকল এতিয়াও পিছপৰি ৰৈছে সেয়েহে আমি মহিলা সৱলীকৰণক অধিক দৃঢ় আৰু শক্তিশালীভাৱে প্ৰচাৰ কৰিব লাগিব ৷"
লগতে পঢ়ক : জ' বাইদেনক ৰাজহুৱাভাৱে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক