নিউজ ডেস্ক, 22 জুনঃ গৰ্ভৱস্থাৰ সময়ত এগৰাকী গৰ্ভৱতী মাতৃৰ পৰা নৱজাতক লৈ কভিদ 19 বিয়পাটো অস্বাভাৱিক ৷ এক গৱেষণাৰৰ জৰিয়তে পোৱা তথ্য অনুসৰি , মাতৃৰ যোনিৰ জৰিয়তে সন্তান প্ৰসৱ কৰোৱা আৰু শিশুটিক মাতৃৰ দুগ্ধপান কৰোৱা তথা পিতৃ-মাতৃৰ সংস্পৰ্শলৈ আহিবলৈ দিলে এই ভাইৰাছ বিয়পাৰ সম্ভৱনা কম ৷
এক গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে যে, যিসমূহ নৱজাতকৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে তেওঁলোকৰ দেহত বিশেষ লক্ষণে দেখা নিদিয়ে ৷ "Nottingham বিশ্ববিদ্যালয়"ৰ এটা গৱেষকৰ দলে পূৰ্বতে প্ৰদান কৰা তথ্য অনুসৰি চিজাৰিনৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পাছত নৱজাতকটিক আছুটীয়াকৈ ৰাখিলে মাতৃৰ পৰা সন্তানলৈ কভিদ 19 বিয়পাৰ সম্ভাৱনা কমি যায় ৷ এই নিৰ্দেশনাসমূহক মানি লোৱাৰ ক্ষেত্ৰত প্ৰমাণ কম বুলিও মন্তব্য কৰিছে গৱেষকসকলে ৷ গৱেষকসকলৰ নিয়মিত 49 টা বিষয়ৰ ওপৰত গৱেষনা চলাই আছে ৷ এই সমীক্ষাটোত 666 টা নৱজাতক আৰু 655 গৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে ৷
লগতে পঢ়কঃ গালৱান সংঘৰ্ষৰ পিছতে ভাৰতীয় সেনা আৰু চীনা আৰক্ষী কমাণ্ডৰ মাজত বৈঠক
গৱেষকসকলে প্ৰদান কৰা তথ্য অনুসৰি, এই সমীক্ষাত 292 গৰাকী মহিলাই যোনিৰ দ্বাৰা সন্তান প্ৰসৱ কৰোৱাৰ পাছত মাত্ৰ আঠটা নৱজাতকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে অন্য 364 মহিলাই চিজাৰিনৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পাছত মাত্ৰ এটা নৱজাতকৰ দেহত কভিদ 19 ৰ অৱস্থিতি পোৱা গৈছে ৷ এই গৱেষণাসমূহৰ ভিত্তিত নৱজাতকৰ দেহলৈ কৰ'ণা বিয়পাটো অস্বাভাৱিক বুলি অৱগত কৰে গৱেষকসকলে ৷ ইয়াৰোপৰি যিসকল নৱজাতক কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় তেওঁলোকৰ ক্ষেত্ৰত বিশেষ লক্ষণে দেখা নিদিয়ে ৷ গতিকে গৰ্ভৱতী মাতৃসকলে সন্তানৰ দেহলৈ কৰ'ণা বিয়পাৰ ক্ষেত্ৰত চিন্তিত হৈ পৰাটো উচিত নে এই বিষয়ক লৈ ইতিমধ্যে Nottingham বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বহু অধ্যয়ন কৰিছে ৷
আমি সেইসকল শিশুৰ পৰিণাম জানিব বিচাৰিছিলো যিসকলৰ মাতৃ ইতিমধ্যে কৰ'ণাত আক্ৰান্ত হৈছিল ৷ তেওঁলোকে সন্তানক জন্ম দিয়া প্ৰক্ৰিয়া, দুগ্ধপানৰ প্ৰক্ৰিয়া তথা মাতৃ সন্তানৰ সংস্পৰ্শলৈ অহাৰ পাছত এই ভাইৰাছবিধ নৱজাতকটিৰ দেহলৈ সংক্ৰমণ হোৱাৰ সম্ভৱনা কিমান বুলি মন্তব্য কৰে গৱেষক কেট ৱাকাৰে ৷
কেট ৱাকাৰে কয় যে, নৱজাতকৰ ক্ষেত্ৰত কৰ'ণা সংক্ৰমণৰ সম্ভাৱণা কম ৷