নিউজ ডেস্ক, ৯ মে': জাৰ্মানীত বিচাৰৰ সন্মুখীন হ'ব এগৰাকী ভাৰতীয় নাগৰিক । নতুন দিল্লীৰ গোপন সেৱাৰ হৈ জাৰ্মানীত শিখ আৰু কাশ্মীৰিৰ সম্প্ৰদায়ৰ লোকৰ ওপৰত গুপ্তচৰ কৰাৰ অপৰাধতে বিচাৰৰ সন্মুখীন হ'ব লোক জন । শুকুৰবাৰে এক আদালতৰ পৰা সদৰী কৰা হৈছে এই কথা । ফেডাৰেল প্ৰছিকিউটৰে অভিযোগ উত্থাপন কৰিছে যে, ৫৪ বছৰীয়া বালভীৰ নামৰ লোকজনে ২০১৫ চনৰ পৰাই ভাৰতীয় বিদেশ চোৰাংচোৱা সংস্থাৰ ৰিচাৰ্জ এণ্ড এনালাইছিচ উইংৰ সৈতে কাম কৰি আহিছে ।
অভিযুক্ত লোক জনৰ বিৰুদ্ধে শিখৰ বিৰোধী দৃশ্যৰ পৰিসংখ্যা, জাৰ্মানীত কাশ্মীৰিৰ আন্দোলন আৰু তেওঁলোকৰ আত্মীয়ৰ সম্পৰ্কে তথ্য় সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন কৰি ফ্ৰেংকফুৰ্টত ভাৰতীয় কনছুলেট জেনেৰলত কৰ্মৰত হেণ্ডেলাৰ্ছক সেই তথ্য প্ৰদান কৰা বুলি নগৰখনৰ উচ্চতৰ আঞ্চলিক আদলতে এটি বিবৃতিত উল্লেখ কৰিছে । অহা ২৫ আগষ্টত এই বিষয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ।
ফ্ৰেংকফুৰ্ট আদালতে বিগত ডিচেম্বৰ মাহতো এই সম্প্ৰদায়ৰ লোকৰ ওপৰত গুপ্তচৰ বৃত্তিত জড়িত অপৰাধত এক ভাৰতীয় দম্পতিক দোষী সাব্যস্ত কৰিছিল ।