ETV Bharat / international

নোমাল গঁড় দেখিছেনে ? খহতা,ডাঠ ছালৰ গঁড়ৰ গাত নোম !

নোম থকা গঁড় আপুনি হয়তো আগতে দেখা নাই । আচৰিত যেন লাগিলেও এয়া সত্য । ৰাছিয়াত উদ্ধাৰ হৈছে এটা নোমাল গঁড় । ৰাছিয়াৰ উত্তৰ দিশত বৰফৰ মাজত উদ্ধাৰ হোৱা মৃত গঁড়টোৱে এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলৰ মাজত । পূৰ্বে নোম আছিল নেকি গঁড়ৰ শৰীৰত ? এই প্ৰশ্নৰ উত্তৰ হয়তো শীঘ্ৰেই ৰাজহুৱা কৰিব বিজ্ঞানীসকলে ।

ৰাছিয়াত উদ্ধাৰ হৈছে এটা নোমাল গঁড়
ৰাছিয়াত উদ্ধাৰ হৈছে এটা নোমাল গঁড়
author img

By

Published : Dec 31, 2020, 12:51 PM IST

Updated : Dec 31, 2020, 1:28 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: ৰাছিয়াত উদ্ধাৰ হোৱা এটা মৃত গঁড়ক লৈ ন ন প্ৰশ্নৰ উদ্ৰেক হৈছে বিজ্ঞানীসকলৰ মাজত । কিয়নো,এই গঁড়টো ৰাষ্ট্ৰীয় উদ্যানত আমি সততে দেখা পোৱা খহতা,ডাঠ ছালথকা গঁড়ৰ দৰে নহয় । গঁড়টোৰ দেহ ডাঠ নোমেৰে আৱৰি থকা। ৰাছিয়াৰ সংবাদ মাধ্যমে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা আগষ্ট মাহত ৰাছিয়াৰ উত্তৰ দিশত য়াকুটিয়াত বৰফেৰে ভৰা স্থানৰ বহু অংশ গলি যোৱাত বৰফৰ মাজত উদ্ধাৰ হয় মৃত গঁড়টোৰ বহু অংগ । ইয়াৰ পিছতে বিজ্ঞানীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে ।

গঁড়টোৰ দেহত আছে ডাঠ নোম । অঞ্চলটোত বৰফ গলি পথবোৰ মুকলি হোৱাৰ পিছতে বিজ্ঞানীসকলে গঁড়টোৰ অংগবোৰ গৱেষণাগাৰলৈ নিয়াৰ ব্যৱস্থা কৰিব । গঁড়টো ২০-৫০ হাজাৰ বছৰ পুৰণি বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে । তেওঁলোকৰ মতে,বৰ্তমানলৈকে বৰফৰ মাজত উদ্ধাৰ হোৱা জন্তুবোৰৰ ভিতৰত এই গঁড়টোৱেই হৈছে আটাইতকৈ ভাল অৱস্থাত সংৰক্ষিত হৈ থকা জন্তুৰ নমুনা । গঁড়টোৰ অধিকাংশ অংগৰ ত্বক এতিয়াও কোমল হৈ আছে । পাকস্থলীৰ অংশ, ডাঠ চুলি আৰু চৰ্বীও উদ্ধাৰ হৈছে ।

গঁড়টো উদ্ধাৰ হোৱা স্থানৰ সমীপতে ইয়াৰ খড়্গটোও উদ্ধাৰ হৈছে । শেহতীয়াকৈ বিগত কিছু বছৰ ধৰি বৈশ্বিক উষ্ণতা বৃদ্ধিৰ বাবে বৰফ গলিবলৈ ধৰাৰ ফলত ছাইবেৰিয়াৰ বিশাল ক্ষেত্ৰত নোমাল গঁড়, সিংহৰ পোৱালিৰ লগতে বহু জন্তু উদ্ধাৰ হৈছে । য়াকুটিয়া ২৪ টিভিয়ে প্ৰকাশ কৰা মতে,ৰাছিয়ান একাডেমী অৱ চায়েন্সৰ মস্তিষ্কৰ বিশেষজ্ঞ ভেলাৰী প্লটনিকভে কৈছে যে,উদ্ধাৰ হোৱা নেমাল গঁড়টো ৩-৪ বছৰ বয়সৰ আৰু বৰফত পোত গৈ গঁড়টোৰ মৃত্যু হৈছে ।

ৰেডিঅ'কাৰ্বন অধ্যয়নৰ বাবে গঁড়টোৰ অংগ গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ পিছতহে অধিক তথ্য জানিব পৰা যাব বুলি মন্তব্য কৰে বিশেষজ্ঞগৰাকীয়ে । অব্যিস্ক জিলাত টায়াৰ্খত্যাখ নদীৰ পাৰত মৃত গঁড়টো উদ্ধাৰ হয় । উল্লেখ্য যে,২০১৪ চনতো সমীপৰে এটা অঞ্চলত এটা গঁড়ৰ পোৱালি উদ্ধাৰ হৈছিল আৰু এই গঁড়টোৰ নমুনা গৱেষকে ৩৪,০০০ বছৰ পুৰণি বুলি নিশ্চিত কৰিছিল ।

লগতে পঢ়ক:এডেন বিমানবন্দৰৰ বিস্ফোৰণত নিহত 25,আহত 110

Last Updated : Dec 31, 2020, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.