ETV Bharat / international

কাশ্মীৰ সমস্যা সমাধানৰ বাবে তৃতীয় শক্তিৰ প্ৰয়োজন নাইঃ ভাৰত

author img

By

Published : Jul 23, 2019, 2:31 PM IST

ভাৰত-পাকিস্তানৰ মাজত চলি অহা কাশ্মীৰ সমস্যাক লৈ উত্থাপন হোৱা বিতৰ্কৰ অৱসান পেলাই স্পষ্টীকৰণ দিছে বৈদেশিক মন্ত্ৰালয়ে ৷ কাশ্মীৰ সমস্যাৰ বাবে আমেৰিকাৰ মধ্যস্থতা ভাৰতে বিচৰা নাই আৰু ভাৰতৰ বাবে আমেৰিকাৰ মধ্যস্থতা প্ৰয়োজনীয় নহয় টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ বৈদেশিক বিভাগৰ মুখপাত্ৰ ৰবিছ কুমাৰে ৷

ডনাল্ড ট্ৰাম্পৰ সৈতে ইমৰান খান

নিউজ ডেস্ক, 23 জুলাইঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দাবীক নসাৎ কৰি কাশ্মীৰ সমস্যা সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি দিছে দেশৰ বৈদেশিক মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ৰ সচিব তথা মুখপাত্ৰ ৰবিছ কুমাৰে ছ'চিয়েল মিডিয়াযোগে স্পষ্টীকৰণ দি ভাৰত-পাকিস্তানৰ সমস্যা দ্বিপাক্ষিক আৰু ইয়াক দ্বিপাক্ষিকভাৱেই সমাধান কৰা হ'ব বুলি টুইট কৰিছে ৷

  • ...that all outstanding issues with Pakistan are discussed only bilaterally. Any engagement with Pakistan would require an end to cross border terrorism. The Shimla Agreement & the Lahore Declaration provide the basis to resolve all issues between India & Pakistan bilaterally.2/2

    — Raveesh Kumar (@MEAIndia) July 22, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ডনাল্ড ট্ৰাম্পে সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰি ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা কাশ্মীৰ সমস্যা সমাধানক লৈ মন্তব্য কৰিছিল ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি কাশ্মীৰ সমস্যা সমাধানৰ বাবে দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰিছিল ৷ ট্ৰাম্পৰ মন্তব্যক লৈ সমগ্ৰ ভাৰততে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এই চৰ্ত পোনচাটেই নাকচ কৰে ভাৰত চৰকাৰে ৷

ডনাল্ড ট্ৰাম্পৰ সৈতে ইমৰান খান

প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণলৈ যোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে হোৱা আলোচনাৰ সময়তে এইদৰে মধ্যস্থতাকাৰী হোৱাৰ কথা উল্লেখ কৰিছিল আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ কিন্তু আমেৰিকাৰ এই উদ্দেশ্য সফল হ'বলৈ নিদি ভাৰতে পোনচাটেই নাকচ কৰিছে দেশখনে আগবঢ়োৱা প্ৰস্তাৱ ৷ উল্লেখ্য যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত সংগ দিয়ে দেশখনৰ স্থলসেনা প্ৰধান জেনেৰেল বাজৱা, ইন্টাৰ ছাৰ্ভিছেজ ইন্টেলিজেন্স (আইএছআই)ৰ চীফ লে.জেন. ফায়েজ হামিদ আৰু বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে ৷

ডনাল্ড ট্ৰাম্পৰ সৈতে ইমৰান খান

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পুলৱামাত সংঘটিত হোৱা আত্মঘাতী আক্ৰমণৰ পিচতেই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বহুগুণে অৱনতি ঘটে ৷ ভাৰতীয় বায়ুসেনাই ছাৰ্জিকেল ষ্ট্ৰাইকৰ লগতে এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে এসেকা প্ৰদান কৰিছিল পাকিস্তানক ৷ ভাৰতে আগবঢ়োৱা যুক্তি অনুসৰি,লাহোৰ ঘোষণাপত্ৰ আৰু ছিমলা চুক্তি অনুসৰি,ভাৰত-পাকিস্তানৰ মাজৰ যিকোনো সমস্যা দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব ৷ তাত কোনো আমেৰিকা নাইবা অন্য দেশৰ হস্তক্ষেপ ভাৰতে সহ্য নকৰিব বুলি স্পষ্ট ৰূপত জনাই দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে ৷

অধিক পঢ়কঃ আমেৰিকাৰ বিমান বন্দৰত অকলশৰীয়া প্ৰধানমন্ত্ৰী ইমৰান খান

Trump claims Modi asked him to mediate on Kashmir issue, India denies (Assign to SIMANTA ) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.