ETV Bharat / international

কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰা বাবে উত্তৰ কোৰিয়াত এজনক হত্যা - কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰাত হত্যা শীৰ্ষ বিষয়াক

উত্তৰ কোৰিয়াত আইন অমান্য কৰা বাবে এজনক গুলীয়াই হত্যা ৷ কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰিছিল শীৰ্ষ বিষয়াজনে ৷

উত্তৰ কোৰিয়াত এজনক হত্যা
উত্তৰ কোৰিয়াৰ নেতা কিম জং ওন
author img

By

Published : Feb 14, 2020, 9:18 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰি ৰাজহুৱা স্নান ঘৰত প্ৰৱেশ কৰা বাবে উত্তৰ কোৰিয়াৰ এজন শীৰ্ষ বিষয়াক গুলীয়াই হত্যা কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱা লোকজনক ৰাজহুৱা স্থানৰ পৰা আটক কৰি মাৰাত্মক ভাইৰাছবিধ সংক্ৰমণ হোৱাৰ পূৰ্বেই হত্যা কৰা হয় ৷

উত্তৰ কোৰিয়াত এজনক হত্যা
কৰ'ণাভাইৰাছ

সূত্ৰ অনুসৰি,উত্তৰ কোৰিয়াৰ নেতা কিম জং ওনৰ সৈতে চীন ভ্ৰমণ কৰাৰ পাচতে বিষয়াজন কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল ৷ অনুমতি অবিহনে ৰোগ প্ৰতিৰোধী কক্ষ ত্যাগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি কিম জঙে ঘোষণা কৰাৰ পাচতো এই নিৰ্দেশ অৱজ্ঞা কৰাৰ বাবে তেওঁক হত্যা কৰা হয় বুলি বিবৃতিত প্ৰকাশ পাইছে ৷

বৰ্তমানলৈকে উত্তৰ কোৰিয়াত এই ভাইৰাছৰ ঘটনা পোহৰলৈ অহা নাই যদিও চীনৰ সৈতে 880 মাইল সীমান্ত সংযোগী দেশখনে ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে,দাঁতি কাষৰীয়া দেশ চীন ভ্ৰমণ কৰা অথবা চীনৰ লোকৰ সৈতে সংস্পৰ্শত থকা যিকোনো লোককে কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'নত থাকিবলৈ বাধ্যতামূলক কৰি দিয়া হৈছে ৷

কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'নত থাকিবৰ বাবে 30 দিন ধাৰ্য কৰি দিছে উত্তৰ কোৰিয়াই ৷

আৰু পঢ়ক : চীনত ক’ৰণা ভাইৰাছৰ সংহাৰীৰূপঃ 1,113 জনলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.