ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: অৱশেষত গ্ৰেপ্তাৰ হ'ল ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড, লস্কৰ-ই-তৈবাৰ অপাৰেছন কামাণ্ডাৰ জাকিৰ-উৰ-ৰহমান লাখৱী । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে পাকিস্তানত জাকিৰ-উৰ-ৰহমান লাখৱীক গ্ৰেপ্তাৰ কৰা হয় । পূৰ্বে সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে লাখৱীক মুম্বাই আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল যদিও ২০১৫ চনত জামিন লাভ কৰে ।
সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে শনিবাৰে পুনৰ লাখৱীক গ্ৰেপ্তাৰ কৰে যদিও গ্ৰেপ্তাৰ কৰা স্থান সমন্ধে তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । পঞ্জাৱৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে অভিযান চলাই সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত জাকিৰ-উৰ-ৰহমান লাখৱী গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল জাকিৰ-উৰ-ৰহমান লাখৱী । এই আক্ৰমণত প্ৰায় ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও ৩০০ জন লোক আহত হৈছিল । লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছিল ।