ETV Bharat / international

কি হ'ব ডেৰাডুন IMAত প্ৰশিক্ষণৰত 83 জন আফগান কেডেটৰ ভৱিষ্যত ?

author img

By

Published : Aug 19, 2021, 2:10 PM IST

তালিবানে আফগানিস্তান দখল কৰাৰ পাচতে এতিয়া ডেৰাডুনৰ IMAত প্ৰশিক্ষণৰত 83 জন আফগান কেডেটৰ ভৱিষত্যক লৈ প্ৰশ্ন আহি পৰিছে ৷ আফগানিস্তানৰ 83 জন কেডেটৰ ৪৩ জন কেডেট অহা ডিচেম্বৰত উত্তীৰ্ণ হোৱাৰ কথা আছে আৰু বাকী কেডেটসকল ২০২২ চনৰ জুনত উত্তীৰ্ণ হ'ব ৷ কিন্তু, আফগান সেনা(Afghan Army)ই ইতিমধ্যে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰাৰ পাচতে এইসকল কেডেটৰ ভৱিষ্যত প্ৰশ্নৰ আৱৰ্তত সোমাই পৰিছে ৷

sans military back home afghan cadets at ima stare at uncertain future
ডেৰাডুন IMAত প্ৰশিক্ষণৰত 83 জন আফগান কেডেটৰ ভৱিষ্যত

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট : ৰাজধানী কাবুলকে ধৰি সমগ্ৰ আফগানিস্তান এতিয়া তালিবানে(Taliban) দখল কৰিছে ৷ এনে পৰিস্থিতিত আফগানিস্তানৰ মহিলাসকলৰ শিক্ষা, কাম তথা ঘূৰা-ফুৰাৰ স্বাধীনতাক লৈ সকলো চিন্তিত হৈ পৰাৰ সমান্তৰালকৈ ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমী(Indian Military Academy)ত প্ৰশিক্ষণ লৈ থকা আফগানিস্তানৰ 83 জন কেডেটৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি আহি পৰা পৰিলক্ষিত হৈছে ৷ আফগান সেনা(Afghan Army)ই ইতিমধ্যে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰাৰ পাচতে ডেৰাডুনত প্ৰশিক্ষণৰত এইসকল কেডেটৰ ভৱিষ্যত সন্দৰ্ভত এক ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে ৷

বৰ্তমান 83জন আফগান কেডেটে ডেৰাডুনস্থিত আইএমএ(IMA Dehradun)ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ ইয়াৰে প্ৰায় 40 জন ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পাছিং আউট পেৰেড(Passing Out Parade)ত একো একোগৰাকী বিষয়া হৈ তেওঁলোকৰ দেশৰ সেনাক নেতৃত্ব দিব ৷ কিন্তু তেওঁলোক উত্তীৰ্ণ হোৱাৰ পূৰ্বেই তালিবানে আফগানিস্তান দখল কৰাৰ লগতে আফগান সেনাইও তালিবানৰ ওচৰত আত্মসমৰ্পন কৰে ৷

লগতে পঢ়ক : ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল এগৰাকী তালিবানী শীৰ্ষ নেতাই

আইএমএৰ জনসম্পৰ্ক বিষয়া লেফটেনেণ্ট কৰ্ণেল হিমানী পন্তে(Lt Col Himani Pant) জানিবলৈ দিয়া মতে, আফগানিস্তানৰ ৪৩ জন কেডেট অহা ডিচেম্বৰত উত্তীৰ্ণ হোৱাৰ কথা আছে আৰু বাকী কেডেটসকল ২০২২ চনৰ জুনত উত্তীৰ্ণ হ'ব।

তেওঁ কয় যে, এই জেন্টলমেন কেডেটসকল(Gentlemen Cadets)ৰ সন্দৰ্ভত এই পৰ্যন্ত ভাৰত চৰকাৰ বা আফগানিস্তানৰ পৰা কোনো বাৰ্তা অহা নাই ৷ ভৱিষ্যতে, প্ৰতিৰক্ষা মন্ত্ৰণালয়ে যি নিৰ্দেশনা জাৰি কৰিব , আইএমএ প্ৰশাসনে সেই অনুসৰি কাম কৰিব ৷ পন্তে জানিবলৈ দিয়া মতে, আফগানিস্তানৰ উপৰিও ভূটান, নেপাল, শ্ৰীলংকা, তাজিকিস্তান, মালদ্বীপ আৰু ভিয়েটনামকে ধৰি 18 খন বন্ধুত্বপূৰ্ণ দেশৰ জেন্টলমেন কেডেটসকলে প্ৰতি বছৰে আইএমএত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰে। আইএমএত প্ৰশিক্ষণ লৈ থকা আফগান কেডেটসকল তেওঁলোকৰ পৰিয়ালক লৈ চিন্তিত হৈ পৰিছে বুলিও পন্তে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

শৌৰ্য চক্ৰ বিজয়ী অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাকেশ সিং কুক্ৰেটি(Shaurya Chakra winner Retired Colonel Rakesh Singh Kukreti)এ মত প্ৰকাশ কৰিছিল যে, ডেৰাডুন আইএমএৰ পৰা উত্তীৰ্ণ হোৱা আফগান সামৰিক বিষয়াসকলক তেওঁলোকৰ দেশৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে দেশখনত ৰাখিব পাৰি। তেওঁ কয়, "যেতিয়ালৈকে তেওঁলোকে সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে, তেতিয়ালৈকে তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব ভাৰত চৰকাৰৰ।

যদিহে তালিবানক আন দেশৰ পৰাও স্বীকৃতি দিয়া হয়, তেন্তে তালিবান চৰকাৰৰ দাবীত আইএমএৰ পৰা উত্তীৰ্ণ হোৱা আফগান কেডেটসকলক ঘূৰাই পঠিয়াব পাৰি বুলিও তেওঁ মন্তব্য কৰে ৷ কুক্ৰেটিয়ে লগতে কয় যে, যদি তেওঁলোকে ভাৰতত তেওঁলোকৰ সেৱা আগবঢ়াব বিচাৰে, তেন্তে ভাৰত চৰকাৰে ইয়াৰ বাবে সিদ্ধান্ত ল'ব লাগিব ৷ অৱশ্যে, ভাৰতীয় সেনাৰ নিয়ম অনুসৰি, তেওঁলোকক ইয়াত ৰখাৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাই।

লগতে পঢ়ক : পলায়নৰ পিছত প্ৰথমবাৰৰ বাবে ভিডিঅ' বাৰ্তা প্ৰেৰণ আশ্ৰফ ঘানিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.