ETV Bharat / international

সামৰিক অভ্যুত্থানৰ পাচত ম্যানমাৰত উত্তেজনা

ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ পাচত সৰ্ববৃহৎ চহৰৰ একাংশ নাগৰিকে বাহনৰ হৰ্ণ বজাই ভিন্নধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াংগন চহৰৰ কেবাটাও চুবুৰীত আধা ঘন্টাজোৰা প্ৰতিবাদ সাব্যস্ত কৰে । মংগলবাৰে দেশখনৰ এগৰাকী জেষ্ঠ্য ৰাজনীতিবিদ তথা চ্যুকীৰ ঘনিষ্ঠ ৰাজনীতিবিদ এগৰাকীয়ে সেনাৰ এই অভ্যুত্থানৰ বাবে নাগৰিকসকলক আইন অমান্য কৰিবলৈ আহ্বান জনাইছিল ।

ম্যানমাৰত উত্তেজনা
ম্যানমাৰত উত্তেজনা
author img

By

Published : Feb 3, 2021, 6:15 PM IST

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী: ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সামৰিক অভ্যুত্থানৰ পাচত এতিয়া ম্যানমাৰত উত্তেজনা । দেশখনৰ সৰ্ববৃহৎ চহৰৰ একাংশ নাগৰিকে বাহনৰ হৰ্ণ বজাই ভিন্নধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াংগন চহৰৰ কেবাটাও চুবুৰীত আধা ঘন্টাজোৰা প্ৰতিবাদ সাব্যস্ত কৰে । মংগলবাৰে দেশখনৰ এগৰাকী জেষ্ঠ্য ৰাজনীতিবিদ তথা চ্যুকীৰ ঘনিষ্ঠ ৰাজনীতিবিদ এগৰাকীয়ে সেনাৰ এই অভ্যুত্থানৰ বাবে নাগৰিকসকলক আইন অমান্য কৰিবলৈ আহ্বান জনাইছিল ।

দেশখনৰ গণতন্ত্ৰৰ সমৰ্থক সকলে সেনা অভ্যুত্থানৰ বিৰুধীতাৰে নিশা ৮ বজাত নাগৰিকসকলক হুলস্থুল কৰিবলৈ আহ্বান জনায় । ম্যানমাৰত সেনাৰ অভ্যুত্থান কোনো নতুন কথা নহয় । যাৰবাবে দেশখন এতিয়াও দৰিদ্ৰতাৰ কৱলত । দেশৰ নাগৰিকসকলৰ ভৱিষ্যতৰ বাবে যথেষ্ঠ চিন্তিত বুলি মত ব্যক্ত কৰে নেতাগৰাকীয়ে ।

সোমবাৰে সেনাই ক্ষমতা দখল কৰাৰ সময়ত নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত নিৰ্বাচিত শতাধীক বিধায়কক আটক নকৰাৰ তথ্য পোহৰলৈ আহিছে ৷ মংগলবাৰে চ্যুকীৰ দল নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি দলৰ নেতা উইন হেটিনৰে ৰাজধানী নাপিতাউৰ এটা সৰু দলৰ সৈতে হোৱা আলোচনাত প্ৰকাশ পাইছে এই কথা ।

সোমবাৰে ফেচবুকত দিয়া এটা পোষ্টৰ কথা উল্লেখ কৰি হেটিনে কয়, ২০২০ চনৰ সাধাৰণ নিৰ্বাচনত দলক সমৰ্থন কৰা ভোটাৰসকলে চ্যুকীৰ নিৰ্দেশনা অনুকৰণ কৰিব লাগে । ইফালে দলৰ প্ৰৱক্তা কয়ী টয়ে কয় যে, মংগলবাৰে চৰকাৰী আৱাস গৃহত আৱদ্ধ হৈ থকা শ শ সাংসদক নিষেধাজ্ঞা জাৰি কৰিবলৈ আৰম্ভ কৰিছিল; কিন্তু নতুন চৰকাৰখনে আৱদ্ধ সাংসদসকলক নিজৰ নিজৰ ঘৰলৈ যাবলৈ কয় ।

উল্লেখ্য যে, এক অভ্যৰ্থনাত ৰাজনীতিবিদ আং ছান চ্যুকীক ৰাষ্ট্ৰপতি ইউ উইন মাইণ্ট আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক সামৰিক বাহিনীয়ে আটক কৰিছিল ।

লগতে পঢ়ক: ম্যানমাৰত ৰাজ্যিক প্ৰশাসন পৰিষদৰ ঘোষণা সামৰিক বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.