ETV Bharat / international

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সহায়ৰ পদত্যাগ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিশেষ সহায়ক পদৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিলে লেফটেনেণ্ট জেনেৰেল আছিম ছালেম বাজৱাই। পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাব বুলি মন্তব্য কৰিছে আছিম ছালেমে ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সহায়ক লেফটেনেণ্ট জেনেৰেল আছিম ছালেম বজৱাৰ পদত্যাগ

author img

By

Published : Sep 4, 2020, 3:27 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৪ছেপ্টেম্বৰ: লেফটেনেণ্ট জেনেৰেল আছিম ছালেম বাজৱাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানলৈ । বিশেষ সহায়ক পদৰ পৰা অব্যাহতি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বাজৱাই । বৃহস্পতিবাৰে টুইটযোগে আছিম ছালেম বাজৱাই এই কথা ঘোষণা কৰে ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰে ভ্ৰষ্টাচাৰৰ বিষয়ত বাদ-বিবাদ হোৱাৰ পিছতে এইকথা ঘোষণা কৰে বিশেষ সহায়কগৰাকীয়ে । তথ্য আৰু প্ৰচাৰৰ দিশ নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিশেষ সহায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰা আছিম ছালেম বাজৱাই দায়িত্বভাৰ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰতো এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ।

  • I strongly rebut the baseless allegations levelled against me and my family.Alhamdolillah another attempt to damage our reputation belied/exposed.I have and will always serve Pakistan with pride and dignity. pic.twitter.com/j185UoGhx1

    — Asim Saleem Bajwa (@AsimSBajwa) September 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাব বুলি মন্তব্য কৰিছে । আনহাতে বিশেষ সহায়কৰ পদৰ পৰা অব্যাহতি ল'লেও চীন-পাকিস্তান ব্যৱসায়িক ক'ৰিডৰ প্ৰাধিকৰণৰ অধ্যক্ষৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব বুলি প্ৰকাশ কৰিছে । তেওঁৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধভাৱে সম্পত্তি লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে । বিশ্বৰ ৪খন দেশত বাজৱা, তেওঁৰ পত্নী আৰু ভাতৃৰ নামত ৯৯টা কোম্পানী আছে । ৩৯মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ ১৩৩খন ৰেষ্টোৰা আছে । ৪ পৃষ্ঠাৰ বিবৃত্তিত বাজৱাই প্ৰকাশ কৰিছে যে, তেওঁ আৰু পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ৷ প্ৰধানমন্ত্ৰীয়ে এনে অভিযোগ কৰি তেওঁৰ ভাৱমূৰ্তিত আঘাত হানিছে বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি, প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.