ETV Bharat / international

চৰ্তপূৰ্ণ আলোচনাৰ বাবে সাজু পাকিস্তান : শ্বাহ মহম্মদ কুৰেশ্বী

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে শেহতীয়াকৈ ভাৰতৰ সৈতে চৰ্তপূৰ্ণ আলোচনাৰ বাবে সাজু আছে বুলি মন্তব্য কৰে ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে পাকিস্তানৰ সৈতে সন্ত্ৰাস আৰু হিংসা মুক্ত এক পৰিৱেশতহে দ্বিপাক্ষিক আলোচনাত বহিব বুলি জনোৱাৰ পাছতে এনেদৰে মন্তব্য কৰে কুৰেশ্বীয়ে ৷

author img

By

Published : Aug 31, 2019, 10:47 PM IST

চৰ্তপূৰ্ণ আলোচনাৰ বাবে সাজু পাকিস্তান : শ্বাহ মহম্মদ কুৰেশ্বী

ইন্টাৰনেশ্বনেল ডেস্ক, 31 আগষ্ট : পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে শেহতীয়াকৈ ভাৰতৰ সৈতে চৰ্তপূৰ্ণ আলোচনাৰ বাবে সাজু আছে বুলি মন্তব্য কৰে ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে পাকিস্তানৰ সৈতে সন্ত্ৰাস আৰু হিংসা মুক্ত এক পৰিৱেশতহে দ্বিপাক্ষিক আলোচনাত বহিব বুলি জনোৱাৰ পাছতে এনেদৰে মন্তব্য কৰে কুৰেশ্বীয়ে ৷

উল্লেখ্য যে, ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ খৰ্ব কৰাৰ পাছতে অসন্তুষ্ট হৈ পৰিছিল পাকিস্তান ৷ লগতে সমগ্ৰ বিষয়টোক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঠেলি নিয়াৰ চেষ্টা কৰা চুবুৰীয়া ৰাষ্ট্ৰখনে কোনো পক্ষৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম নহ'ল ৷ আন্তৰাষ্ট্ৰীয় সমিতিয়ে এই ঘোষণা কৰে যে, এয়া সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয় ৷ এই বিষয়টো ভাৰতৰ সৈতে দ্বিপাক্ষিক ভাৱে সমাধান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে আন্তৰাষ্ট্ৰীয় মহলে ৷

এই ক্ষেত্ৰত ভাৰত চৰকাৰে সুস্পষ্টভাৱে জনাইছিল যে, ইছলামাবাদে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা বন্ধ কৰিলেহে পাকিস্তানৰ সৈতে আলোচনা সম্ভৱ হ'ব ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.