নিউজ ডেস্ক, 17 জুলাইঃ মাৰ্কিন ৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ বাবেই ভাৰতক ইৰানৰ ৰে'ল প্ৰকল্পৰ পৰা বাহিৰ কৰা হৈছিল নেকি ? চাবাহাৰ বন্দৰ তথা চাবহৰ-জাহেদান ৰে'ল প্ৰকল্পৰ সংবাদমূলক তথ্যক বৃহস্পতিবাৰে অনুমানমূলক বুলি মন্তব্য কৰে বিদেশ মন্ত্ৰণালয়ে ৷
ভাৰত আৰু ইৰানে চাৰিবছৰ পূৰ্বে চাবহৰ বন্দৰৰ পৰা জাহেদানলৈ 628 কিলোমিটাৰ ৰে'ল লাইন নিৰ্মাণ কৰাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিল ৷ এই ৰেল লাইন আফগানিস্তানৰ জাৰজলৈ বিস্তাৰিত হব ৷ ইৰান চৰকাৰে বিগত সপ্তাহত ৰেল লাইন বনোৱাৰ কাম আৰম্ভ কৰিছে ৷ তথ্য অনুসৰি ইৰানে খোদ এই ৰেল পথছোৱাৰ নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে ৷
THE HINDU ৰ প্ৰকাশ হোৱা এক লেখা অনুযায়ী মাৰ্কিন নিসেধাজ্ঞাৰ বাবে ভাৰতক এই চাবাহাৰ বন্দৰৰ পৰা জাহেদানলৈ নিৰ্মাণ হবলগীয়া ৰেল প্ৰকল্পৰ পৰা বাহিৰ কৰা হৈছিল ৷ বিদেশ মন্ত্ৰণালয়ৰ প্ৰৱক্তা অনুৰাগ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে কয় যে, এই প্ৰকল্পৰ মূল্যায়নৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ইৰানী কোম্পানী IRCON ক নিযুক্তি দিয়া হৈছিল ৷ ইহঁতে CDTIC ৰ সৈতে কাম কৰি আছিল৷ IRCON য়ে চাইট নিৰীক্ষণ আৰু মূল্যায়ন এক প্ৰতিবেদনৰ সমীক্ষা সম্পূৰ্ণ কৰিছিল ৷
আনহাতে সাংবাদমূলক তথ্যক স্পষ্টভাৱে খাৰিজ নকৰাকৈ বিদেশ মন্ত্ৰণালয়ৰ প্ৰৱক্তাই সংকেত দিয়ে যে, ৰণনৈতিকভাৱে আফগানিস্তান হৈ মধ্যে এছিয়ালৈ গৈ এতিয়াও ভাৰতে এই ৰেল প্ৰকল্পত যোগদান কৰিব পাৰে ৷ অনুৰাগ শ্ৰীবাস্তৱে কয় যে, প্ৰকল্পৰ অন্য প্ৰাসংগিক দৃষ্টিকোণসমূহত বিস্তৃতভাৱে চৰ্চা কৰা হৈছে ৷ য'ত ইৰানৰ সন্মুখত থকা বিত্তীয় প্ৰত্যাহ্বানসমূহক ধ্যান ৰখাটো জৰুৰী ৷ 2019 চনৰ ডিচেম্বৰ মাহত 19 নং ভাৰত-ইৰান সংযুক্ত আয়োগৰ এখন বৈঠকত এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয় ৷ ইৰানী পক্ষৰ উচ্চমানৰ পদ্ধতি আৰু বিত্তীয় বিষয়সমূহক চূড়ান্ত কৰিবলৈ ইৰানে এটা অধিকৃত সংস্থাক মনোনীত কৰিছিল , যিটো এতিয়াও অপেক্ষাৰত ৷
লগতে পঢ়কঃনগাঁৱত প্ৰতিজন নাগৰিকৰে কৰা হ'ব কৰ'ণা পৰীক্ষা
2016 বৰ্ষত হোৱা চুক্তিৰ অধীনত ভাৰত চৰকাৰে IRCON ক প্ৰায় 1.6 বিলিয়ন ডলাৰৰ আনুমানিক প্ৰকল্পৰ বাবে সকলো সেৱা আৰু ধন উপলব্ধ কৰাৰ সংকল্প লৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেহৰান যাত্ৰাৰ সময়ছোৱাত ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰোহানী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি অশৰফ ঘনীৰ সৈতে চাবাহাৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ছোৱাত পাকিস্তানৰ কাৰণে কাবুলৰ সৈতে ভাৰতে ঘাইপথেৰে ব্যৱসায় কৰা সংযোগ যোজনাৰ বিষয়টোত সহমত প্ৰকাশ কৰিছিল ৷
জেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে হোৱা বিশেষ কঠোপকথনত THE HINDU ৰ সম্পাদক সুহাসিনী হেদ্ৰেয়ে কয় যে, চাবাহাৰক ভাৰতৰ বাবে এটা বৃহৎ ভূ-কৌশলগত দ্বাৰ হিচাপে স্থাপন কৰা হৈছে ৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে পাকিস্তানে সৃষ্টি কৰা সমস্যাসমূহৰ পৰা ভাৰত কিছু মুক্ত হব ৷ ই প্ৰায়ে ভাৰত তথা আফগানিস্তান আৰু ভাৰত তথা মধ্যে এছিয়াৰ মাজত বেপাৰ ব্যাহত কৰি আহিছে ৷ চাবাহাৰ ৰেল লাইন আফিগানিস্তানলৈ যায় আৰু তাৰ পাছত এই বিশেষ ৰেল লাইনটো টুৰ্কিমেনিস্তান, মধ্য এছিয়া আৰু ৰুছলৈ যায় ৷ যদিহে আমেৰিকাৰ নিসেধাজ্ঞাৰ ফলত আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহন কৰিড'ৰটি বন্ধ কৰা হয় তেন্তে ইয়াৰ অন্য এক উপাই আছে ৷
স্মিতা শৰ্মাৰ সৈতে হোৱা আলোচনাচক্ৰত কে.চি সিঙে কয় যে, অনুচ্ছেদ 370 নিৰস্ত হোৱাৰ পাছত ইৰানীসকলে বহু স্পষ্টবাদী পন্থা হাতত লোৱাৰ তথ্য আছে ৷ বিশেষকৈ ইৰানী সুপ্ৰিম নেতা Khameni য়ে নিজৰ টুইটত প্ৰকাশ কৰিছিল যে, "ভাৰত চৰকাৰে মুসলমান সকলৰ সৈতে ভাল ব্যৱহাৰ কৰা উচিত ৷ আমি যিমানেই এৰা-ধৰা নকৰো কিয় এয়া অতি গুৰুত্বপূৰ্ণ ৷ "
পূৰ্ব কূটনীতিক সিঙে কয় যে, ইৰানে ভাৰতৰ সৈতে গতিশীলতা সলনি কৰি চীনৰ সৈতে সম্বন্ধ স্থাপন কৰাৰ এক কাৰণ আছে ৷ এক তথ্য অনুসৰি, চীনে ভাৰতৰ সৈতে 25 বছৰীয়া সময়ছোৱাৰ বাবে 400 বিলিয়নৰ ডালৰৰ কূটনৈতিক অংশীদ্বাৰৰ চুক্তি কৰিছে ৷ ফলশ্ৰুতিত ইৰানে চাবাহাৰৰ deputy-free-zone, তেল শোধানাগাৰ আৰু সম্ভৱতঃ চাবাহাৰ পোৰ্টত চীনক অংশ প্ৰদান কৰাৰ অনুমতি প্ৰদান কৰিব পাৰে ৷ লগে লগে ভাৰতৰ ভূমিকা সম্পৰ্কে বৃহৎ প্ৰশ্নৰ সৃষ্টি হব ৷
তথ্য অনুসৰি, ভাৰতক Farzad B Gas ক্ষেত্ৰৰ পৰা বাহিৰ হৈছে, য'ত ONGC য়ো অন্তৰ্ভুক্ত ৷ এই সন্দৰ্ভত প্ৰৱক্তা অনুৰাগ শ্ৰীবাস্তৱে কয় যে, ইৰানী পক্ষৰ দ্বাৰা নীতিগত পৰিবৰ্তনে দ্বিপাক্ষীক সহযোগত প্ৰভাৱিত হৈছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত ইৰানে খোদ নিজৰ বিকাশ কৰাৰ লগতে পৰৱৰ্তী সময়ছোৱাত ভাৰতকো ইয়াত অন্তৰ্ভুক্ত কৰিব ৷ এই বিষয়টোত এতিয়াও আলোচনা হবলৈ বাকী আছে ৷
আনহাতে , এই সময়ছোৱাত আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য টুকড়ীক যদিহে উভতাই অনা হয় , এই অঞ্চলত ভাৰতৰ বৃহৎ সংযোগৰ প্ৰকল্পসমূহ উন্নত নহব লগতে ইয়াত পাকিস্তানী সৈন্য আৰু প্ৰতিষ্ঠানে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আলোচনাচক্ৰত নিজ মত ব্যকত কৰে স্মিতা শৰ্মাই ৷
ভাৰতে বিশ্বৰ এক শক্তিৰ ভিত্তিক নিজৰ সিদ্ধান্ত ল'ব নে ? অথবা ভাৰতে নিজক বহুপক্ষীয় সংযুক্ত ৰাষ্ট্ৰৰ নিসেধাজ্ঞাসমূহক স্বীকাৰ কৰিব ?
লগতে পঢ়কঃ ক্ষতিগ্ৰস্ত পৰিবহন ব্যৱসায়ঃ অভাৱৰ তাড়নাত চালকৰ আত্মহনন