ETV Bharat / international

অলিম্পক অনুষ্ঠিত হোৱা সময়ত টকিঅ'ত কিয় বাহাল থাকিব জৰুৰী অৱস্থা ? - টকিঅ'ত অনুষ্ঠিত হ'ব অলিম্পিক

এফালে অলিম্পকৰ দিন চমু চাপি আহিছে, আনফালে ভয়াৱহভাৱে ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে জাপানত । সেয়ে, চতুৰ্থবাৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে জাপান চৰকাৰে । ১২ জুলাইৰ পৰা টকিঅ'ত জৰুৰীকালীন অৱস্থা বলৱৎ হ'ব । অলিম্পক অনুষ্ঠিত হোৱা দিন কেইটাতো টকিঅ'ত জৰুৰী অৱস্থা বাহাল থাকিব । বুধবাৰে টকিঅ' মহানগৰত নতুনকৈ ৯২০ জন লোক মহামাৰীৰ কবলত পৰিছে ।

Japan to impose COVID emergency in Tokyo for duration of Olympics
অলিম্পক অনুষ্ঠিত হোৱা সময়ত টকিঅ'ত বাহাল থাকিব জৰুৰী অৱস্থা
author img

By

Published : Jul 8, 2021, 8:06 PM IST

স্পৰ্টছ ডেস্ক, ৮ জুলাই : ক'ভিড-১৯ৰ সংক্ৰমণে কালৰূপ ধাৰণ কৰাৰ মাজতে ২৩ জুলাইৰ পৰা টকিঅ'ত অনুষ্ঠিত হ'ব অলিম্পিক । মহামাৰীৰ সংক্ৰমণ হ্ৰাস কৰাৰ উপায় হিচাপে জাপান চৰকাৰে চতুৰ্থবাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ চিন্তা-চৰ্চা কৰিছে । বৃহস্পতিবাৰে সন্ধিয়া টাস্ক ফ'ৰ্চৰ বৈঠকত প্ৰধানমন্ত্ৰী য়োশিহিদে ছুগাই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । বৃহস্পতিবাৰে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, ১২ জুলাইৰ পৰা টকিঅ'ত জৰুৰীকালীন অৱস্থা বলৱৎ কৰা হ'ব আৰু ২২ আগষ্ট পৰ্যন্ত জৰুৰী অৱস্থা বাহাল থাকিব ।

বুধবাৰে টকিঅ' মহানগৰত নতুনকৈ ৯২০ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । মে' মাহৰ মাজভাগত চতুৰ্থ ঢৌৰ সংক্ৰমণ বৃদ্ধি পায় আৰু ধাৰাবাহিকভাৱে ১৮ দিনৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে । স্বাস্থ্য বিশেষজ্ঞ তথা ক'ভিড-১৯ উপদেষ্টা শিগেৰু ওমিয়ে সকীয়াই দিছে যে, গ্ৰীষ্ম বন্ধ আৰু অলিম্পিক আৰু ভাৰতত শেহতীয়াকৈ ধৰা পৰা ডেল্টা ভাইৰাছৰ বাবে পুনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আনহাতে, চিবা, চাইতামা আৰু কানাগাৱা আৰু ওচাকাত অৰ্ধ-জৰুৰী অৱস্থাৰ সময়সীমা ২২ আগষ্টলৈকে বৃদ্ধি কৰিব ছুগা চৰকাৰে ।

এই সময়চোৱাত ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে । অৱশ্যে, হ'ক্কাইডো, আইচি, কিয়'টো, হাইওগো আৰু ফুকুওকাত দেওবাৰে নিৰ্ধাৰিত সময়সূচী অনুসৰি অৰ্ধ-জৰুৰী অৱস্থা সমাপ্ত হ'ব । চৰকাৰে মূলতঃ টকিঅ'ত জৰুৰীকালীন অৱস্থা বলৱৎ কৰাৰ পৰিকল্পনা কৰিছিল ।

কিন্তু শেহতীয়াকৈ সংক্ৰমণৰ বৃদ্ধিৰ বাবে চৰকাৰে জৰুৰীকালীন অৱস্থা বলৱৎ কৰা স্থানৰ পৰিসৰ সলনি কৰিবলৈ বাধ্য হৈছে । মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে চাৰিবাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে জাপানত । জাপান চৰকাৰে ৰেষ্টুৰেণ্টত সুৰাপান কৰাৰ ক্ষেত্ৰতো পুনৰ নিষেধাজ্ঞা আৰোপ কৰিব । সোমবাৰৰ পৰা জৰুৰীকালীন অৱস্থা কাৰ্যকৰী হ'বলগীয়া টকিঅ'ৰ উক্ত স্থানসমূহত দৰ্শক অবিহনে গ্ৰীষ্মকালীন ক্ৰীড়া অনুষ্ঠিত হ'ব ।

ফলত মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিয়া অলিম্পিকত প্ৰভাৱ পৰিব । টকিঅ' মহানগৰ চৰকাৰ, জাপানী আয়োজক সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিকে ধৰি গ্ৰীষ্মকালীন ক্ৰীড়া আয়োজকসকলে বৃহস্পতিবাৰে অনলাইনযোগে এক বৈঠকত মিলিত হৈ কি কি স্থানত দৰ্শকৰ প্ৰৱেশত অনুমতি দিয়া হ'ব সেই বিষয়ে আলোচনা কৰিব । পূৰ্বে ১০ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰা স্থানত ৫০ শতাংশ দৰ্শক প্ৰৱেশ কৰাৰ অনুমতি দিয়াৰ পৰিকল্পনা কৰিছিল আয়োজকসকলে । কিন্তু টকিঅ'ৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া দৰ্শকৰ প্ৰৱেশৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আয়োজকসকলে ।

লগতে পঢ়ক:ইউৰো কাপৰ ফাইনেলত ইংলেণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.