নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: সুৰক্ষা সূত্ৰৰ মতে শুকুৰবাৰে ইজৰাইলী যুদ্ধবিমানে গাজাত অৱস্থিত ইছলামিক হামাছ আন্দোলনৰ অন্তৰ্ভুক্ত সামৰিক ঠিকনাত যুদ্ধবিমানেৰে আক্ৰমণ কৰে ৷ তথ্য অনুসৰি হামাছ আন্দোলনৰ সশস্ত্ৰ বাহিনী, আল কাচাম ব্ৰিগেডৰ মিলিটেৰি ঠিকনা সমূহত ইজৰাইলী সেনাৰ যুদ্ধ বিমানে আক্ৰমণ কৰে ৷
ইজৰাইলী সেনাৰ এগৰাকী মুখপাত্ৰই তেওঁৰ মন্তব্যত জনাইছে যে বৃহস্পতিবাৰে নিশা গাজাই দক্ষিণ ইজৰাইলত ৰকেট উৎক্ষেপনেৰে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাবে ইজৰাইলে এই আক্ৰমণ কৰিছে ৷ গাজাৰ অস্ত্ৰ নিৰ্মাণস্থলী আৰু ভূগৰ্ভস্থিত সামৰিক গাঁথনিক আক্ৰমণ কৰাটোৱেই যুদ্ধ বিমানেৰে কৰা এই আক্ৰমণৰ মূখ্য লক্ষ্য আছিল ৷
ৰকেট আক্ৰমণৰ ফলত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই আৰু এতিয়ালৈকে কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ বিগত দুটা সপ্তাহত অজ্ঞাত আতংকবাদীয়ে দক্ষিণ ইজৰাইলত চাৰিটাকৈ ৰকেটেৰে আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে ৷
লগতে পঢ়ক: নাইজেৰিয়ান ৰাষ্ট্ৰপতিৰ ভাষণত স্থান নাপালে গুলীবৰ্ষণৰ ঘটনাই