ETV Bharat / international

গাজা ষ্ট্ৰিপত পুনৰ বিমান আক্ৰমণ ইজৰাইলৰ

১১ দিনীয়া যুদ্ধৰ সমাপ্তিৰ পিছত ইজৰাইলে দ্বিতীয়বাৰৰ বাবে গাজা ষ্ট্ৰিপ (Gaza Strip) ত বিমান আক্ৰমণ আৰম্ভ কৰিছে । আনহাতে গাজাৰ সন্ত্ৰাসবাদী সংগঠন হামাচ (Hamas) শাসকসকলৰ দ্বাৰা একত্ৰিত কৰ্মীসকলে একেৰাহে তৃতীয় দিনৰ বাবে ইজৰাইললৈ জুইৰ বেলুন (arson balloon) উৎক্ষেপণ কৰে ৷

author img

By

Published : Jun 18, 2021, 11:04 AM IST

israel-strikes-hamas-targets-across-gaza-after-arson-attacks
গাজা ষ্ট্ৰিপত পুনৰ বিমান আক্ৰমণ ইজৰাইলৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 18 জুন : ইজৰাইলী ৰক্ষা বাহিনীয়ে গাজাৰ পৰা ইজৰাইললৈ উৎক্ষেপণ কৰা জুইৰ বেলুন আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে গাজা ষ্ট্ৰিপ (Gaza Strip) ত হামাচক লক্ষ্যৰ কৰি আক্ৰমণ চলায় ৷ গাজাৰ পৰা ইজৰাইললৈ উৎক্ষেপণ কৰা জুইৰ বেলুনৰ প্ৰতিক্ৰিয়াস্বৰূপে সামৰিক চৌহদ আৰু গাজাৰ হামাচ (Hamas)ৰ এটা ৰকেট উৎক্ষেপণ স্থানত আঘাত কৰা বুলি আইডিএফে টুইট যোগে উল্লেখ কৰে ৷

টাইমছ অৱ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি গাজা ষ্ট্ৰিপ (Gaza Strip)ৰ পৰা উৎক্ষেপণ কৰা বেলুন-বাহিত অগ্নিসংযোগকাৰী সঁজুলিৰ দ্বাৰা বৃহস্পতিবাৰে দক্ষিণ ইজৰাইলত কমেও আঠটা স্থানত আৰু তাৰ আগদিনা চাৰিটা স্থানত জুই লাগিছিল ৷

পেলেস্তাইনী সংবাদ মাধ্যমৰ মতে, এটা ইজৰাইলী আক্ৰমণে গাজা চহৰ বেইট লাহিয়াত হামাস নিয়ন্ত্ৰিত এটা অট্টালিকাক লক্ষ্য কৰি লৈছিল ৷ উত্তৰ গাজাত হামাচ (Hamas) পৰিচালিত এটা ছয় মহলীয়া অসামৰিক প্ৰশাসনৰ ভৱন, গাজা চহৰৰ ওচৰৰ খান ইউনুছৰ ওচৰত থকা হামাচ (Hamas) ঘাটি আৰু দক্ষিণ গাজাত ভূ-গৰ্ভস্থ ৰকেট লঞ্চাৰ থকা কৃষিক্ষেত্ৰসমূহত অতিৰিক্ত আক্ৰমণৰ খবৰ পোৱা গৈছে ৷

এই ঘটনাত তাৎক্ষণিকভাৱে কোনো পেলেস্তাইনী নাগৰিক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই ৷ আনহাতে, আইডিএফে যে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে সন্ধিয়াৰ আৰম্ভণিতে ইজৰাইলী কৰ্মচাৰী প্ৰধানে এক পৰিস্থিতিগত মূল্যায়ন কৰিছিল য'ত তেওঁ উচ্চস্তৰৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছিল আৰু আইডিএফক গাজা ষ্ট্ৰিপ (Gaza Strip)ৰ পৰা অব্যাহত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সঁহাৰি স্বৰূপে পুনৰ যুঁজ আৰম্ভ কৰাকে ধৰি বিভিন্ন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছিল ৷

সামৰিক বাহিনীয়ে লগতে কয় যে, গাজা ষ্ট্ৰিপ (Gaza Strip)ৰ পৰা অহা সকলো হিংসাৰ বাবে হামাচ দায়ী আৰু সেয়ে ইজৰাইল ৰক্ষা বাহিনীয়ে সন্ত্ৰাসবাদী গোটটোৰ সামৰ্থ আৰু আন্তঃগাঁথনি ধ্বংস কৰি থাকিব । উল্লেখ্য যে, ২১ মে'ত ইজৰাইল আৰু গাজা ষ্ট্ৰিপ (Gaza Strip)ৰ মাজত যুদ্ধবিৰতি ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল ৷

ইজৰাইল আৰু হামাচ (Hamas)ৰ মাজত ১১ দিন যুৰি চলা যুদ্ধত ইজৰাইল আৰু পেলেষ্টাইন দুয়োফালৰ পৰা শ শ ৰকেট উৎক্ষেপণ কৰা হৈছিল । হামাচ (Hamas) পৰিচালিত গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যুঁজৰ সময়ত ২৫৩ গৰাকী পেলেস্তাইনী লোক নিহত হৈছিল, ইয়াৰ ভিতৰত আছিল ৬৬ টা শিশু ৷ আনহাতে, হামাচ (Hamas)ৰ আক্ৰমণৰ ফলত এজন ৫ বছৰীয়া লৰা আৰু এজন সৈনিকসহ ১৩ জন ইজৰাইলী নিহত হৈছিল ।

লগতে পঢ়ক : এইবাৰ মন্দিৰৰ ছাগলীত পৰিল চোৰৰ চকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.