নিউজ ডেস্ক, 24 অক্টোবৰ : অসুৰক্ষিত হৈ পৰিছে আফগানিস্তানত বাস কৰা হিন্দুসকল ৷ বিশেষকৈ আফগানিস্তানৰ শিখ, হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ জীৱনলৈ আহিছে ভাবুকি ।
শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি, আফগানিস্তানত সংখ্যালঘু হিচাপে চিহ্নিত শিখ সম্প্ৰদায়ৰ ওপৰত তালিবানে চলাইছে অকথ্য নিৰ্যাতন ৷ যাৰ বাবে আফগানিস্থানত নিৰ্যাতনৰ সন্মুখীন হোৱা ১৮০ গৰাকী শিখ সম্প্ৰদায়ৰ লোকে আফগানিস্তান এৰি ভাৰতলৈ ঢাপলি মেলিছে ৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো কাষ চাপিছে এইসকল আফগানী হিন্দুৱে ৷
তালিবানৰ দ্বাৰা আফগানিস্তানত শিখসকলক হত্যাৰ ভাবুকি দিয়াৰ পিছতে পঞ্জাৱৰ আকালি দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী দলজিৎ সিং সীমাই এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ সীমাই কয় যে, আফগানিস্তানত হিন্দুসকলক কৰা অত্যচাৰ সঁচাই এক গম্ভীৰ তথা চিন্তনীয় বিষয় ৷ এই সন্দৰ্ভত ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত ৷ আনকি আফগানিস্তানৰ শিখ ভাইসকলক নিৰাপদে উদ্ধাৰ কৰা উচিত ।
পঞ্জাৱৰ আকালি দলৰ নেতাগৰাকীয়ে তালিবানৰ এই নিকৃষ্ট কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীক শীঘ্ৰে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?