ইন্টাৰনেশ্যনেল ডেক্স,8 ফেব্ৰুৱাৰীঃ জপানৰ এখন জাহাজৰ 64 জন যাত্ৰীৰ ভিতৰত 3 জন যাত্ৰীক কৰ'ণা ভাইৰাচত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ৷ জাপানৰ কৰ্তৃপক্ষই ইতিমধ্যে ‘ডাইমণ্ড প্ৰিন্সেচ’ নামৰ জাহাজখনৰ প্ৰায় 280 জনৰ যাত্ৰীৰ ওপৰত পৰীক্ষা চলাইছিল ৷ ইযাৰ মাজতে 3 জন যাত্ৰীক কৰ'ণা ভাইৰাচত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ৷ মন্ত্ৰণালয়ে জানায় যে, এই তিনিওজন ব্যক্তিকে তাৎক্ষণিক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে জাপানত কৰ'ণা ভাইৰাচত আক্ৰান্ত হৈছে 25 জনকৈ লোক ৷ বিশ্ব স্বাস্থ্য সংস্থাই টকিঅ’ প্ৰশাসনক ৰোগীসকলৰ মানসিক যত্নৰ লগতে পৰ্যাপ্ত সাৱধানতা আৰু সহায় আগবঢ়োৱাৰ বাবে পৰামৰ্শ দিয়ে ৷
চীনে মাৰাত্মক কৰ'ণা ভাইৰাচৰ লগত যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আমেৰিকায়ো চীনক সহায় কৰিছে বুলি ব্যক্ত কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘চীনে এই মাৰাত্মক বীজাণুটোৰ লগত যুঁজ দিবলৈ বহু কষ্ট কৰি আছে ৷ কালি ৰাতি চীনৰ প্ৰধানমন্ত্ৰী জি ঝিন পিঙৰৰ সৈতে হোৱা বাৰ্তালাপত আমি কৰ'ণা ভাইৰাচৰ বিষয়ে বহু কথা আলোচনা কৰিছো ৷’ মাৰ্কিন স্বাস্থ্য সচিব এলেক্স আজাৰৰ মতে, মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ'ণা ভাইৰাচৰ 12 টা ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ ভিতৰত দুজনকৈ লোকৰ চীন ভ্ৰমণৰো কোনো ইতিহাস নাই ৷ চীনৰ সহায়ৰ বাবে আমেৰিকাৰ বিশেষজ্ঞৰ দল প্ৰেৰণ কৰাৰ কথাও ব্যক্ত কৰে মাৰ্কিন স্বাস্থ্য সচিবগৰাকীয়ে ৷
সমান্তৰালকৈ, চীনা স্বাস্থ্য কৰ্তৃপক্ষই কৰা ঘোষণা অনুসৰি চীনত কৰ'ণা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা শুকুৰবাৰলৈকে 722 জনলৈ বৃদ্ধি ৷ আনহাতে, এই ভাইৰাচত আক্ৰান্ত লোকৰ সংখ্যা 34,446 লৈ বৃদ্ধি ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনায় যে, চীনৰ মূল ভূমিত এইপৰ্যন্ত 80 জন লোকৰ মৃত্যু হৈছে, আনহাতে চীনৰ উপকূলীয় অঞ্চলসমূহত মৃত্যু হৈছে 3,399 জন লোকৰ ৷ ইয়াৰ ভিতৰৰ 81 জন লোক হুবেই আৰু ইয়াৰ উপকূলীয় ৰাজধানী উহানৰ ৷ শুকুৰবাৰ পৰ্যন্ত হংকঙত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে 26 টা নিশ্চিত ঘটনা চিনাক্ত কৰা হৈছে ৷ মাকাওত 10 টা আৰু টাইৱানত 1 টা ঘটনা চিনাক্ত হয় ৷ মন্ত্ৰণালয়ে জনায় যে, মুঠ 42,224 জন সন্দেহজনক ঘটনাৰ তথ্য লাভ কৰা হৈছে,আৰু 1,280 জন লোক গুৰুতৰভাৱে অসুস্থ আৰু 501 জন লোকক ইতিমধ্যে হাস্পতালৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী