মস্কো, 25 নৱেম্বৰ: ৰাছিয়াই ঘোষণা কৰিলে ক'ভিড-19 ৰ পৰীক্ষণমূলক প্ৰতিষেধকৰ ফলাফল ৷ পৰীক্ষণমূলক ক'ভিড-19 প্ৰতিষেধকৰ ফলাফল ঘোষণা কৰি ৰাছিয়াই দাবী কৰিছে যে এই প্ৰতিষেধক যথেষ্ট প্ৰভাৱশালী ৷ ৰাছিয়াই লগতে এই কথাও দাবী কৰিছে যে পশ্চিমৰ অন্যান্য প্ৰতিযোগীৰ দ্বাৰা উৎপাদিত প্ৰতিষেধক সমূহতকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত এই প্ৰতিষেধকৰ মূল্য যথেষ্ট কম হ'ব ৷
এই প্ৰতিষেধকৰ বাবে বিনিয়োগ কৰা ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পুটনিক ভিক (Sputnik V)ৰ প্ৰতিপালি ঔষধৰ বাবদ 10 ইউএচ ডলাৰতকৈও কম খৰছ হ'ব আৰু দুই পালি ঔষধত 20 ডলাৰতকৈ কম খৰছ হ'ব ৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে এই কথাও উল্লেখ কৰে যে ৰাছিয়ান সকলৰ বাবে এই প্ৰতিষেধক সম্পূৰ্ণ বিনামূলীয়া হ'ব লগতে এই কথাও জানিবলৈ দিয়ে যে অহা বৰ্ষত ৰাছিয়াৰ বাহিৰত প্ৰায় 1 বিলিয়ন প্ৰতিষেধক উৎপাদন কৰা হ'ব ৷
উল্লেখ্য যে আগষ্ট মাহতে উন্নত পৰীক্ষণ সম্পন্ন কৰিবলৈ বাকী থকাৰ পাছতো স্পুটনিক ভিক নিয়ন্ত্ৰক অনুমোদন প্ৰদান কৰাৰ বাবে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখীন হৈছিল ৷ চৰকাৰী অনুমতি লাভ কৰাৰ দুই সপ্তাহ পাছত প্ৰায় 40,000 স্বেচ্ছাসেৱীৰ মাজত উন্নত পৰীক্ষণ সম্পন্ন কৰাৰ কথা ঘোষণা কৰে ৷ যদিওবা পৰীক্ষণ এতিয়াও চলি আছে তথাপি জটিল পৰিস্থিতিতো সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মী বা শিক্ষক সকলৰ বাবে এই প্ৰতিষেধক উপলব্ধ কৰা হৈছে ৷ বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই এই কথা উল্লেখ কৰিছে যে তেওঁলোকে ইতিমধ্যে এই প্ৰতিষেধক ব্যৱহাৰ কৰিছে ৷
ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ এগৰাকী জীয়ৰীকো ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ অৱশ্যে ভ্লাডিমিৰ পুটিনে অপ্ৰমাণিত প্ৰতিষেধক ব্যৱহাৰ কৰিব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়া হৈছে ৷ প্ৰতিষেধকৰ কাম কৰি থকা লোকসকলে এই কথা জানিবলৈ দিয়ে যে গৱেষণাৰ অংশ হিচাপে তেনে কোনো বিশেষ ঘটনা পৰিলক্ষিত হোৱা নাই ৷ অৱশ্যে প্ৰতিষেধক লোৱা বহুকেইগৰাকী লোকে বেজীৰ মূৰত কিছু বিষ অনুভৱ কৰাৰ লগতে জ্বৰ, মূৰৰ বিষ আৰু দুৰ্বল অনুভৱ কৰিছিল ৷
উল্লেখ্য যে 2021 ত সমজুৱাকৈ প্ৰতিষেধক প্ৰদানৰ সম্ভাৱনা আছে ৷ চলিত বৰ্ষত ৰাছিয়াত স্পুটনিক ভিৰ 2 মিলিয়ন পালি ঔষধ উৎপাদন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: তৰুণ গগৈ মোৰ গুৰু আছিল : ৰাহুল গান্ধী