ETV Bharat / international

COVID 19ত আক্ৰান্ত হৈ বাংলাদেশৰ পতিৰক্ষা সচিবৰ মৃত্যু - আব্দুল্লা আল মহচিন চৌধাৰী

বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লা আল মহচিন চৌধাৰী 29 মে'ৰ পৰা COVID-19 ত আক্ৰান্ত হৈ CMH ত ভৰ্তি হৈ আছিল । তাৰ পাচতে তেওঁক 6 জুনত ভৰ্তি কৰোৱা হৈছিল ICU ত।

COVID 19ত আক্ৰান্ত হৈ বাংলাদেশৰ পতিৰক্ষা সচিবৰ মৃত্যু

author img

By

Published : Jun 29, 2020, 6:31 PM IST

নিউজ ডেস্ক, 29 জুনঃ বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লা আল মহচিন চৌধাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ সোমবাৰে পুৱা 9 বজাত মৃত্যুবৰণ কৰে । সোমবাৰে CMH ত ভৰ্তি হৈ থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় । এই কথা প্ৰকাশ কৰে বাংলাদেশ চৰকাৰে ।

বিষয়া জনৰ দেহত 29 মে'ত ধৰা পৰিছিল COVID-19 । তাৰ পাচতেই তেওঁক ঢাকাৰ CMH হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । পাচত 6 জুনত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ICU ত ভৰ্তি কৰা হৈছিল । পৰৱৰ্তী সময়ত 18 জুনৰ পৰা তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল । তাৰ মাজতে সোমবাৰে 9.30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আব্দুল্লা আল মহচিন 2020 বৰ্ষৰ জানুৱাৰীত সচিব পদত অধিস্থিত হৈছিল আৰু 14 জুনত জেষ্ঠ সচিব পদলৈ পদোন্নতি হৈছিল ।

সোমাবাৰে পুৱাৰ ভাগলৈ বাংলাদেশত 137,787 গৰাকী লোক COVID-19 ত আক্ৰান্ত হৈছে আৰু দক্ষিণ এচিয়াৰ ভিতৰত সৰ্বাধিক 1,738 গৰাকী লোকৰ মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.