ETV Bharat / international

এইবাৰ অষ্ট্ৰেলিয়াতো বন্ধ হ'ব চীনৰ "টিকটক"

author img

By

Published : Jul 9, 2020, 5:39 PM IST

অষ্ট্ৰেলিয়াৰ ছিনেটৰ জেনী মেক অলিষ্টাৰে প্ৰকাশ কৰা অনুসৰি, দেশখনে শীঘ্ৰেই বন্ধ কৰিব টিকটক এপ ৷ চীনৰ চৰকাৰে টিকটকৰ দ্বাৰা বিদেশী ৰাষ্ট্ৰৰ ওপৰত নজৰ ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অষ্ট্ৰেলিয়াৰ ছিনেটৰগৰাকীয়ে ৷ ইয়াৰ বাবে টিকটকৰ প্ৰতিনিধিয়ে দেশখনত ছচিয়েল মিডিয়াৰ দ্বাৰা ফৰেইন ইন্টাৰফেৰেন্সৰ নিৰ্বাচনী কমিটীৰ সন্মুখীন হ'ব লাগিব ৷

Australia to ban TikTok over data security threat
ভাৰতৰ পিচত অষ্ট্ৰেলিয়াত বন্ধ হ'ব চীনৰ "টিকটক"

নিউজ ডেস্ক, 9 জুলাই : ভাৰত আৰু আমেৰিকাৰ পিচত এইবাৰ অষ্ট্ৰেলিয়াটো বন্ধ হ'ব চীনৰ জনপ্ৰিয় এপ টিকটক ৷ অষ্ট্ৰেলিয়াৰ আইনপ্ৰনয়নকাৰীসকলে চীনৰ এই এপটোৰ দ্বাৰা ব্যৱহাৰকাৰীসকলৰ তথ্য সংগ্ৰহ কৰাৰ বাবেই ইয়াক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ চীনৰ সংবাদপ্ৰতিষ্ঠান ছাউথ চাইনা মৰ্ণিং পষ্টত প্ৰকাশ পাইছে এই বাতৰি ৷

লগতে পঢ়কঃ টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ লিবাৰেল দলৰ ছিনেটৰ জিম মোলানে টিকটকক চীনৰ চৰকাৰে অনৈতিক কামত ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ দেশখনৰ লেবাৰ দলৰ ছিনেটৰ জেনী মেক অলিষ্টাৰেও টিকটকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৷ মেক অলিষ্টাৰে টিকটকৰ প্ৰতিনিধিবৰ্গক অষ্ট্ৰেলিয়াৰ ছচিয়েল মিডিয়া ফৰেইন ইন্টাৰফেয়াৰেন্সৰ নিৰ্বাচনী কমিটীৰ আগত উপস্থিত হৈ কাৰণ দৰ্শোৱাৰ দাবীও উত্থাপন কৰে ৷

যাৰ বিপৰীতে টিকটকে তেওঁলোকৰ ওপৰত উত্থাপিত হৈ অহা অভিযোগ ক্ৰমাগতভাৱে অস্বীকাৰ কৰি আহিছে, তেনে অৱস্থাত অষ্ট্ৰেলিয়াৰ ছিনেটৰৰ দ্বাৰা উত্থাপন হোৱা প্ৰশ্নই ভাবিবলৈ বাধ্য কৰিছে যে, সঁচাকৈ চীনে টিকটকৰ দ্বাৰা ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যসমূহ সংগ্ৰহ কৰি আহিছে নেকি ?

টিকটকৰ স্বত্বাধিকাৰী বাইট ডান্সে ক্ৰমাগতভাৱে কৈ আহিছে যে, টিকটকৰ দ্বাৰা আহৰণ কৰা তথ্যসমূহ আমেৰিকা আৰু ছিংগাপুৰস্থিত ছাৰ্ভাৰত সঞ্চয় কৰা হৈছে যদিও ইয়াক আহৰণ কৰাটো চীনৰ চৰকাৰৰ বাবে কোনো ডাঙৰ কাম নহয় ৷ চীনৰ সংবাদপ্ৰতিষ্ঠান ছাউথ চাইনা মৰ্ণিং পষ্টে এইদৰে প্ৰকাশ কৰিছে ৷

বিগত জানুৱাৰী মাহত কোম্পানীয়টোৱে প্ৰকাশ কৰিছিল যে, "আপুনি বুজি উঠা উচিত যে, কোনো ডাটা সংৰক্ষণকাৰী ছিষ্টেম অথবা ডাটাৰ ট্ৰান্সমিছন ইন্টাৰনেট অথবা অন্যান্য ৰাজহুৱা নেটৱৰ্কত 100 শতাংশই সুৰক্ষিত নহয় ৷"

ইয়াৰ উপৰিও যদিহে টিকটক ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ডিভাইছৰ পৰা টিকটকত আপলোড কৰা কন্টেন্টৰ তথ্যসমূহ ডিলিট কৰিব বিছাৰে, অথবা চৰকাৰে টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰেও, তথাপিও টিকটকত থকা তথ্যসমূহ পূৰ্ণৰূপে ডিলিট নহয় ৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে যদিহে টিকটকত কোনো তথ্য প্ৰদান কৰা হয়, তাক কোম্পানীৰ অনুমতি অবিহনে প্ৰত্যাহাৰ কৰাটো একেবাৰে অসম্ভৱ ৷

উল্লেখ্য যে, চীন-ভাৰতৰ মাজত গালৱান ভেলীত উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতেই ভাৰত চৰকাৰে টিকটককে ধৰি বহুকেইটা চীনা এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ৷ ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে বিগত 29 জুনত চীন দেশৰ সৰ্বমুঠ 59টা মোবাইল এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ৷ ইয়াৰ ভিতৰত আছিল টিকটককে আদি কৰি ইউচি ব্ৰাউজাৰ, হেলো, ইউচি নিউজ আদি এপসমূহ ৷ ইয়াৰ উপৰিও 2014ৰ পৰা ভাৰতৰ প্ৰায় 4.9 বিলিয়ন লোকে নিষিদ্ধ ঘোষিত 59 টা চীনা এপ্ ডাউনলোড কৰিছিল । ইয়াৰ ভিতৰত সবাটোকৈ জনপ্ৰিয় এপ্ আছিল টিক-টক । 4.9 বিলিয়ন লোকে ডাউনলোড কৰা এই এপসমূহৰ ভিতৰত 30 শতাংশ লোকে কেৱল টিক-টক ব্যৱহাৰ কৰিছিল । তথ্য প্ৰযুক্তি আইন (2000)ৰ অনুচ্ছেদ 69A অনুসৰি (Power to issue directions for blocking for public access of any information through any computer resource) কেন্দ্ৰীয় চৰকাৰে দেশত এই এপ্লিকেশ্বনসমূহ নিষিদ্ধ ঘোষণা কৰিছে ।

লগতে পঢ়কঃ দেশৰ ৫ বিলিয়ন লোকে ডাউনলোড কৰিছিল নিষিদ্ধ ঘোষিত ৫৯ টা চীনা এপ্

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.