নিউজ ডেস্ক, 30 জুলাইঃ পাকিস্তান বায়ুসেনাৰ এখন যুদ্ধবিমান ভূপতিত হোৱাৰ ফলত নিহত হয় 15জন লোক ৷ মঙলবাৰে দেশখনৰ ৰাৱালপিণ্ডিত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

চহৰখনৰ পাকিস্তানী সেনা মুখ্যালয়ৰ সমীপৱৰ্তী আৱাসিক এলেকাত যুদ্ধবিমানখন দূৰ্ঘটনাগ্ৰস্থ হৈ ভূপতিত হয় ৷ ফলত বিমানখনত থকা দুগৰাকী বৈমানিককে ধৰি মুঠ 15গৰাকী লোক নিহত হয় ৷

দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে ৷ নিহতসকলৰ ভিতৰত 10গৰাকী অসমাৰিক লোক আছিল বুলি পাকিস্তান বায়ুসেনাই প্ৰকাশ কৰিছে ৷
আনহাতে দুৰ্ঘটনাটোত আন 12গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷