ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: ফিলাডেলফিয়াৰ ডাউন টাউনত থকা যুক্তৰাষ্ট্ৰীয় ভৱনৰ ক্ষতিসাধন কৰিলে দুৰ্বৃত্তৰ এটা দলে । নৱবৰ্ষৰ প্ৰাক ক্ষণত এই ঘটনা সংঘটিত হয় । ক'লা সাজ পৰিহিত দুৰ্বৃত্তৰ এটা দলে ডাউন টাউনত থকা দুটা যুক্তৰাষ্ট্ৰীয় ভৱন ক্ষতিগ্ৰস্ত কৰে । ঘটনাৰে জড়িত থকাৰ অভিযোগত ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । শুক্ৰবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে,ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ম'ল'ট'ভ ককটেইলছ আৰু আন সন্দেহজনক সামগ্ৰী জব্দ কৰিছে ।
প্ৰায় নিশা ৮.৩০ বজাত ক'লা সাজ পৰিহিত অতি কমেও ৫০ জন লোকক দেখা পোৱা গৈছিল আৰু ২৫ বছৰীয়া এজন যুৱকে যুক্তৰাষ্ট্ৰীয় ভৱন আৰু আদালত গৃহৰ খিৰিকীৰে ইটা দলিওৱা দেখা গৈছিল । আৰক্ষীক দেখি আন এগৰাকী লোক আৰু এগৰাকী মহিলাৰ সৈতে পলায়ন কৰে । বৃহস্পতিবাৰে আমেৰিকাৰ শুল্ক বিভাগৰ আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে । ৩ হাজাৰ মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো ক্ষতিগ্ৰস্ত কৰাৰ অপৰাধত ৭ জন লোকক বৰ্তমান আৰক্ষীয়ে কৰায়ত্ত কৰিছে ।
ধৃত লোককেইজনৰ এজনে হাতত ফিউজ সংলগ্ন এটা গ্লাচৰ পাত্ৰ আৰু এটা প্লাষ্টিকৰ পাত্ৰ লৈ আছিল । পাত্ৰটোত ফায়াৰ ষ্টাৰ্টাৰ বুলি লিখা আছিল । ধৃত আন এগৰাকী মহিলাই হাতত পনীয়া সামগ্ৰী থকা এটা বটল লৈ আহিছিল । মুখ্য পৰিদৰ্শক মাইক ক্ৰেমে প্ৰকাশ কৰা মতে,ম'ল'ট'ভ ককটেইলছ আৰু আন সন্দেহজনক সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে ।
লগতে পঢ়ক: দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ