নিউজ ডেস্ক, 8 ডিচেম্বৰ : পেণ্টাগনে আগন্তুক সপ্তাহত মধ্য প্ৰাচ্যৰ পৰা সেনাৰ দল ঘূৰাই আনিব ৷ ৰাষ্ট্ৰপতিৰ আদেশত আমেৰিকাৰ সামৰিক নেতাসকলে ইৰান আৰু ইয়াৰ সমৰ্থকৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ অন্যান্য উপায় বিচাৰিব ৷ লগতে আমেৰিকাই এই অঞ্চল পৰিহাৰ কৰি থকাক লৈ চলি থকা যুক্তিক প্ৰতিহত কৰাৰ বাবে কাম কৰি আছে।
সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, সামৰিক নেতাসকলে নিৰ্ধাৰণ কৰিছে যে, অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি সামৰিক বাহিনীক আগন্তুক কিছু সময়ৰ বাবে এতিয়াও নিয়োজিত কৰি ৰখা উচিত । ইয়াৰ উপৰি বিষয়াজনে কয় যে, প্ৰয়োজন হ'লে অঞ্চলটোলৈ এটা অতিৰিক্ত যুদ্ধ বিমান স্কোৱাড প্ৰেৰণ কৰা হ'ব পাৰে ।
উল্লেখ্য যে, ইৰানৰ পাৰমাণৱিক বিজ্ঞানী মহছিন ফাখৰিজাদেৰ হত্যাৰ পিছত শেহতীয়া সপ্তাহবোৰত ইৰানৰ সম্ভাৱ্য আক্ৰমণৰ আশংকা বৃদ্ধি পাইছে ।
লগতে পঢ়ক: অৱসৰপ্ৰাপ্ত আৰ্মী বিষয়াক প্ৰতিৰক্ষা সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ