ETV Bharat / international

আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব আমেৰিকান সৈন্য: জ’ বাইডেন - ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ

১১ ছেপ্টেম্বৰত (২০০১) ভয়ংকৰ আক্ৰমণৰ ২০তম বাৰ্ষিকী উদযাপন কৰাৰ আগতে আফগানিস্তানৰ পৰা আমেৰিকাই প্ৰত্যাহাৰ কৰিব সৈন্য ৷ ইয়াৰ লগতে প্ৰায় দুই দশক জুৰি চলি থকা দেশখনৰ দীঘলীয়া যুদ্ধৰ সমাপ্তি ঘটিব ।

US President announces complete troop withdrawal from Afghanistan
আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব আমেৰিকান সৈন্য: জো বিডেন
author img

By

Published : Apr 15, 2021, 1:43 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, 15 এপ্ৰিল : আফগানিস্তানৰ পৰা শীঘ্ৰেই প্ৰত্যাহাৰ কৰা হ'ব আমেৰিকান সৈন্য ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ঘোষণা কৰে এই কথা ৷ বুধবাৰে হোৱাইট হাউচৰ পৰা জনতাক সম্বোধন কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ১১ ছেপ্টেম্বৰত (২০০১) ভয়ংকৰ আক্ৰমণৰ ২০ তম বাৰ্ষিকী উদযাপন কৰাৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যৰ লগতে নাটোৰ (উত্তৰ আটলাণ্টিক চুক্তি সংগঠন) মিত্ৰশক্তি আৰু কাৰ্যকৰী অংশীদাৰসকলৰ দ্বাৰা নিয়োজিত বাহিনী আফগানিস্তানৰ বাহিৰত থাকিব বুলি উল্লেখ কৰে । ইয়াৰ লগতে প্ৰায় দুই দশক জুৰি চলি থকা দেশখনৰ দীঘলীয়া যুদ্ধৰ সমাপ্তি ঘটিব ।

জনতাক সম্বোধনৰ পাচতেই বাইডেনে আফগানিস্তানৰ যুদ্ধত মৃত্যু হোৱা আমেৰিকান সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰ্লিংটন নেচনেল চিমেট্ৰিলৈ যায় ৷ আল কায়েদা সন্ত্ৰাসবাদীয়ে ২০০১ চনত নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত আক্ৰমণ কৰাৰ পিচত এই স্মৃতিসৌধটো নিৰ্মাণ কৰা হৈছিল । মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাটো কঠিন নহয় বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে, ওচামা বিন লাডেনৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু তেওঁৰ সুৰক্ষিত আশ্ৰয়স্থলৰ সমাপ্তি ঘটাবলৈ আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰা হৈছিল ৷ আমি আফগানিস্তানক একত্ৰিত কৰিবলৈ তাত যোৱা নাছিলো ।

জ’ বাইডেনে লগতে কয় যে, তেওঁৰ প্ৰশাসন সন্ত্ৰাসবাদৰ ভাবুকিৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিব । সন্ত্ৰাসবাদীৰ পুনৰ উত্থান প্ৰতিহত কৰিবলৈ আৰু ৰাষ্ট্ৰৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবলৈ আমি আমাৰ সামৰ্থ আৰু সম্পদ পুনৰ সংগঠিত কৰিম । কোনো সন্ত্ৰাসবাদীয়ে আফগান ভূমিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইয়াৰ মিত্ৰশক্তিক ভাবুকি নিদিবলৈ আমি তালিবানক জবাবদিহি কৰিম । আফগান চৰকাৰে আমাৰ এই প্ৰতিশ্ৰুতি দিছে ।

বাইডেনে তেওঁৰ দলে আফগানিস্তানত সন্ত্ৰাসবাদীৰ ভাবুকি নিৰীক্ষণ আৰু প্ৰতিহত কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰণনীতি পৰিশোধন কৰি থকাৰ কথা উল্লেখ কৰে ৷ বাইডেনে কয় যে, সন্ত্ৰাসবাদ আফ্ৰিকা, ইউৰোপ, মধ্য পূব তথা যিকোনো স্থানত জন্ম হ’ব পাৰে ৷ আমেৰিকান সৈন্য এতিয়া ঘৰলৈ অহাৰ সময় হৈছে ৷

লগতে পঢ়ক : আজি বাংগালুৰুৰ প্ৰযুক্তিৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.