ETV Bharat / international

দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পৰ দেহত নোলাল কোভিড-১৯ৰ অৱস্থিতি - আমেৰিকা

আমেৰিকাত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । আগন্তুক দুটা সপ্তাহ আমেৰিকাৰ বাবে হ'ব কঠিন পৰীক্ষা । হুৱাইট হাউছৰ সকীয়নি মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে ২ লাখ লোকৰ । ইয়াৰ মাজতেই সৌভাগ্যৰ খবৰ দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ পৰীক্ষণ ফলাফল নিগেটিভ ওলাল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ।

Trump tests COVID-19 negative for second time

author img

By

Published : Apr 3, 2020, 10:06 AM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কিছু স্বাস্তিৰ নিশ্বাস লৈছে আমেৰিকাবাসীয়ে । কিয়নো দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ দেহত নোলাল কোভিড-১৯ ৰ অৱস্থিতি । মাৰ্চ মাহৰ মধ্য়ভাগতো পূৰ্বে কৰা পৰীক্ষণৰ ফলাফলো নিগেটিভ আছিল ট্ৰাম্পৰ ।

শেহতীয়াকৈ দ্বিতীয়বাৰৰ বাবে টেষ্ট কৰা হৈছিল ট্ৰাম্পৰ । এইবাৰ "rapid-point-of-care" টেষ্ট কিট্ ৰে কৰা হয় ৰাষ্ট্ৰপতিগৰাকীৰ পৰীক্ষণ । এই কীট্ ৰ বিশেষত্ব হৈছে কেৱল ১৫ মিনিটতেই লাভ কৰিব পাৰি ফলাফল ।

ইয়াৰ পাচতেই সংবাদমেল আয়োজন কৰি বৃহস্পতিবাৰে ট্ৰাম্পৰ চিকিৎসকে ফলাফল নিগেটিভ লাভ কৰা বুলি সদৰী কৰে । লগতে বৰ্তমানলৈ তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ একো লক্ষ্যণ প্ৰতিফলিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলি অৱগত কৰে ।

আনহাতে এই টেষ্ট কীট্ ৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি ট্ৰাম্পে কয়, মই মোৰ পৰীক্ষণ কৰালো । মোৰ বোধে ১৪-১৫ মিনিটৰ ভিতৰতেই ফলাফল বাহিৰ হ'ল । অৱশ্যে মই কামলৈ গুছি গৈছিলো, ইয়াৰ বাবে অপেক্ষা কৰা নাছিলো । কিন্তু ১৪ মিনিট মানৰ পাচতেই মোক ফলাফল দিয়া হৈছিল । য'ত নিগেটিভ আছিল কোভিড-১৯ ৰ অৱস্থিতি । এই টেষ্ট কীটটোৰ প্ৰতি মোৰ মনত সঁচাকৈ কৌতুহল আছিল । কেনেকৈ নো এইটোৱে কাম কৰে, কেনেকৈ ইমান সোনকালে ফলাফল দিবলৈ সক্ষম হয় জানিবলৈ । মই দুয়োটা প্ৰক্ৰিয়াৰেই পৰীক্ষণ কৰাইছো । কিন্তু দ্বিতীয়বাৰৰ পৰীক্ষণ প্ৰাণালীটো সঁচাকৈ আনন্দদায়ক ।

বিশ্বজুৰি কৰ'ণা তথা কোভিড-১৯ ৰ সন্ত্ৰাস বৰ্তি আছে । এই ভাইৰাছৰ দ্বাৰা যথেষ্ট পৰিমাণে ক্ষতি হৈছে আমেৰিকা । ইতিমধ্যে আমেৰিকাত লাখ- লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে । আনহাতে শেহতীয়াকৈ হুৱাইট হাউছৰ পৰা সকীয়াই দিছে যে, আগন্তুক দুটা সপ্তাহত প্ৰায় দুই লাখ লোকৰ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে ।

বৰ্তমালৈকে বিশ্বত ১,০১৫,৬৬৭ গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৩,২০০ জনৰ । ১৭৫ খন দেশলৈ বিয়পি পৰা এই ভাইৰাছে আমেৰিকাত প্ৰায় ৬ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়ে । আনহাতে আক্ৰান্তৰ সংখ্যা হৈছে ২,৪৫,০৮০ গৰাকী ।

লগতে চাওক- কৰ'ণা সম্পৰ্কীয় অভিজ্ঞতা ব্যক্ত বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.