ETV Bharat / international

COVID পজিটিভ মেক্ৰনৰ সুস্বাস্থ্য কামনা ট্ৰাম্পৰ

author img

By

Published : Dec 19, 2020, 2:28 PM IST

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন COVID-19 পজিটিভ । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কৰিলে ইমানুৱেল মেক্ৰনৰ সুস্বাস্থ্য কামনা ।

অতিশীঘ্ৰে সুস্বাস্থ্য কামনা ট্ৰাম্পৰ
COVID-19 POSITITIVE Macron

ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: কৰ'ণা ভাইৰাছত আক্ৰান্ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মেক্ৰনৰ সুস্বাস্থ্য কামনা কৰে ।

শুক্ৰবাৰে হোৱাইট হাউচৰ উপ সচিব জুড দিৰে এই কথা টুইটাৰযোগে জনায় । বৃহস্পতিবাৰে মেক্ৰনৰ COVID-19 পজিটিভ ধৰা পৰাৰ কথা ইলিচি মহলে সদৰী কৰে । সম্প্ৰতি মেক্ৰনে বাৰ্চাইলস্থিত লা লেটাৰ্ণ আৱাসত হোম আইলেচনত আছে আৰু হোম আইলেচনত থাকিয়েই তেওঁ সকলো কাম-কাজ অব্যাহত ৰাখিছে ।

এদিন পূৰ্বে প্ৰচণ্ড মূৰৰ বিষ আৰু ভাগৰুৱা হৈ পৰা মেক্ৰনে দুৰ্ভাগ্যবশত: তেওঁৰ পজিটিভ ধৰা পৰে বুলি কয় । তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে সাৱধানতাৰ লগতে সুৰক্ষিত হ'বলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক:দলত্যাগী নেতাক তীক্ষ্ণ সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.