নিউজ ডেস্ক, ১৩জুন: ৱাচিংটন প'ষ্টৰ সাংবাদিক মেৰি জ'ৰ্ডানৰ "দি আৰ্ট অৱ হাৰ ডিল: দা আনট'ল্ড ষ্টৰী"ত দাবী কৰা হৈছে যে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ পাছত মেনালিয়া ট্ৰাম্প ১৭ জুন ২০১৭ চনলৈকে ছয়মাহ ধৰি ১৬০০ পেঞ্চিলৱেনিয়া এভিনিউলৈ যোৱা নাছিল । পূৰ্বৰ বুজাবুজিৰ পুনৰ বিচাৰ কৰাৰ উদ্দেশ্যৰে তেওঁ এই সময়চোৱা ব্যৱহাৰ কৰিছিল । কিন্তু ইয়াক মেনালিয়া ট্ৰাম্পৰ কাৰ্যালয়ে এটা কল্পকাহিনী হিচাবে সমগ্ৰ ঘটণাৰ বিস্ফোৰণ ঘটাইছিল ।
স্বামী ডোনাল্ড ট্ৰাম্পৰে মেনালিয়াৰ পূৰ্বে থকা বুজাবুজিৰ চুক্তিৰ পুনৰ বিচাৰ হোৱাৰ পূৰ্বেই ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ লোৱাৰ লগে লগে তেওঁ আমেৰিকাৰ ফাৰ্ষ্ট লেডিৰ মৰ্যদা গ্ৰহণ কৰিছিল । সদ্য প্ৰকাশিত কিতাপখনত এইধৰনে উল্লেখ কৰিছে মেৰি জ'ৰ্ডানে ।
"দি আৰ্ট অৱ হাৰ ডিল: দা আনট'ল্ড ষ্টৰী"ত ৱাচিংটন প'ষ্টৰ সাংবাদিক মেৰি জ'ৰ্ডানে পাচখন দেশৰ ১০০ গৰাকীকৈ ব্যক্তিৰ সাক্ষাৎকাৰৰ ভিত্তিত আমেৰিকাৰ ফাৰ্ষ্ট লেডিৰ নজিৰ বিহীন এখন ছবি দাঙি ধৰিছে । এক প্ৰতিবেদনৰ জৰিয়তে ডেইলি মেইলত শুকুৰবাৰে প্ৰকাশ পালে এই কথা । যোৱা মঙ্গলবাৰে উন্মোচিত ২৮৬ পৃষ্ঠাৰ এই বিতৰ্কিত গ্ৰন্থখনৰ কথা শুকুৰবাৰে প্ৰকাশ হৈছিল ৱাচিংটন প'ষ্টত। য'ত দীৰ্ঘ দিনৰ পৰা স্বামী ডোনাল্ড ট্ৰাম্পৰ সৈতে থকা বৈবাহিক চুক্তিৰ গুজবৰ কথাবোৰ নিশ্চিত কৰা হৈছে ।