ETV Bharat / international

মুখৰ মাস্ক আঁতৰাই শিশু হাস্পতালৰ স্বাস্থ্য বিধি উলংঘন মেলানিয়া ট্ৰাম্পৰ

author img

By

Published : Dec 16, 2020, 1:59 PM IST

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মেলানিয়া ট্ৰাম্পে মঙলবাৰে নিজৰ মাস্ক আঁতৰাই উলংঘন কৰিলে ৰাষ্ট্ৰীয় শিশু চিকিত্‍সালয়ৰ স্বাস্থ্য বিধি । মাস্কখন আঁতৰোৱাৰ কাৰণ অথবা মাস্ক আঁতৰ কৰাৰ বাবে বিশেষ অনুমতি লাভ কৰিছিল নেকি সেই সন্দৰ্ভত তেওঁ কোনো মন্তব্য আগবঢ়োৱা নাই ।

মুখৰ মাস্ক আঁতৰাই শিশু হাস্পতালৰ স্বাস্থ্য বিধি উলংঘন মেলানিয়া ট্ৰাম্পৰ
মুখৰ মাস্ক আঁতৰাই শিশু হাস্পতালৰ স্বাস্থ্য বিধি উলংঘন মেলানিয়া ট্ৰাম্পৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ ডিচেম্বৰ: শিশুৰ হাস্পতালত মুখৰ মাস্ক আঁতৰাই শেহতীয়াকৈ চৰ্চালৈ আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মেলানিয়া ট্ৰাম্প । মঙলবাৰে ৰাষ্ট্ৰীয় শিশু চিকিত্‍সালয়ত শিশুসকলৰ সন্মুখত এখন কিতাপ পাঠ কৰাৰ সময়ত তেওঁ পৰিধান কৰি থকা মাস্কখন আঁতৰাই পেলায় । চি এন এনে প্ৰকাশ কৰা মতে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা মেলানিয়া ট্ৰাম্পে হাস্পতালখনৰ মূল প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰাৰ সময়ত মাস্ক পৰিধান কৰি থকা দেখা গৈছিল । কিন্তু হাস্পতাল চৌহদৰ এজোপা গছৰ তলত পূৰ্বৰে পৰা ব্যৱস্থা কৰি ৰখা আসন গ্ৰহণ কৰাৰ সময়ত তেওঁ মাস্কখন মুখৰ পৰা আঁতৰাই পেলায় ।

হাস্পতাল কৰ্তৃপক্ষৰ নিয়ম অনুসৰি, হাস্পতালখনত থকাৰ সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক । COVID-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এই নীতি বাধ্যমূলক কৰিছে হাস্পতাল কৰ্তৃপক্ষই । এই নীতি শিশু ভৱন, কেফেটেৰীয়া, আলোচনা কক্ষ, ৰাজহুৱা স্থান আদি সকলোতে এই নীতি প্ৰযোজ্য হৈ আহিছে । চি এন এনৰ মতে, মেলানিয়া ট্ৰাম্পে মাস্ক আঁতৰোৱা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । মাস্ক আঁতৰাবলৈ তেওঁ হাস্পতাল কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি লাভ কৰিছিল নেকি সেই বিষয়েও তেওঁ স্পষ্ট কৰা নাই ।

ৰাষ্ট্ৰীয় শিশু চিকিত্‍সালয়ৰ মুখপাত্ৰ ডিয়ানা ট্ৰ'ইজে কয় যে, হাস্পতালত চিকিত্‍সাধীন হৈ থকা শিশুসকল, তেওঁলোকৰ পৰিয়াল আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিয়াতো আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব । ৱাছিংটন ডিচিৰ স্বাস্থ্য বিধি মতে, ভাষণ দি থকা অৱস্থাত কোনো লোকে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক নহয় । মাত্ৰ ভাষণ দি থকা ব্যক্তিগৰাকীৰ পৰা আন লোকসকল ৬ ফুট দূৰত থাকিব লাগিব । মঙলবাৰে অনুষ্ঠানটিত মেলানিয়া ট্ৰাম্পে মাস্ক পৰিধান নকৰাকৈ ৩২৫ গৰাকী ৰোগী উদ্দেশ্যি এখন কিতাপ পাঠ কৰে যদিও আন লোকসকল তেওঁৰ পৰা ১২ ফুটৰো অধিক দূৰত আছিল । অনুষ্ঠানত উপস্থিত থকা সকলো লোকেই মাস্ক পৰিধান কৰি আছিল আৰু মেলানিয়া ট্ৰাম্পেও কেৱল পাঠ কৰাৰ সময়তহে মাস্কখন মুখৰ পৰা আঁতৰাইছিল ।

লগতে পঢ়ক:ক’ভিড-19ক পৰাজিত কৰিলে 104 বছৰীয়া এলিনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.