ETV Bharat / international

ছোলেইমানিৰ হত্যাৰ পাচতে 'কঠোৰ প্ৰতিশোধ'ৰ অংগীকাৰ খামেনিৰ

ছোলেইমানিক হত্যা কৰাৰ পাচতে আমেৰিকাৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱা হ'ব বুলি মন্তব্য কৰিছে খামেনিয়ে ৷ এজন সন্মানীয় কমাণ্ডাৰক হত্যা কৰা বুলি মন্তব্য কৰে খামেনিয়ে ৷

কঠোৰ প্ৰতিশোধ লোৱাৰ ধমকি
খামেনিৰ প্ৰতিজ্ঞা
author img

By

Published : Jan 3, 2020, 7:16 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 3 জানুৱাৰী : ইৰানৰ শীৰ্ষ নেতা আয়াতুল্লাহ ছৈয়দ আলি খামেনেই শুকুৰবাৰে আমেৰিকাৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ইৰানত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে ইৰাণৰ জেনেৰেল কুদচ ফোৰ্চৰ প্ৰধান কাচিম ছোলেইমানিক হত্যা কৰা হয় ৷ ইয়াৰ পাচতে এই প্ৰতিশোধৰ কথা ঘোষণা কৰে খামেনিয়ে ৷

এক বিবৃতিৰ জৰিয়তে খামেনিয়ে কয় যে, পৃথিৱীৰ সকলোতকৈ পাশৱিক লোকসকলে অশুভ শক্তিৰ বিৰুদ্ধে সাহসেৰে যুঁজি থকা সন্মানীয় কমাণ্ডাৰ গৰাকীক হত্যা কৰিলে ৷ বিবৃতিত কোৱা হয়, "তেওঁৰ মৃত্যুয়ে তেওঁৰ অভিযানক ধংস কৰিব নোৱাৰে, কিন্তু বৃহস্পতিবাৰৰ নিশা যিসকল অপৰাধীয়ে জেনেৰেল ছোলেইমানি আৰু অন্যসকলৰ হত্যা কৰিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধ গ্ৰহণ কৰা হ'ব ৷"

খামেনিয়ে লগতে কয়, "অপৰাধী আৰু হত্যাকাৰীৰ বিৰুদ্ধে বিৰামহীন যুদ্ধই তেওঁলোকৰ জীৱন দূৰ্বিসহ কৰি তুলিব ৷"

ছোলেইমানিৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে তিনিদিনীয়া শোক পালন কৰা হ'ব বুলি ঘোষণা কৰে খামেনিয়ে ৷

উল্লেখ্য যে, Islamic Revolutionary Guard Corps' (IRGC) আৰু PMF য়েও এই ঘটনাৰ নিশ্চিতি প্ৰদান কৰিছে ৷ লগতে এই ঘটনাক "কাপুৰুষৰ বোমাবৰ্ষণ" বুলিও মন্তব্য কৰে ৷

ৰাষ্ট্ৰপতি ট্ৰাম্পে এই সম্পৰ্কত বৰ্তমানলৈকে কোনো মন্তব্য নকৰিলেও তেওঁৰ টুইটাৰ একাউন্টত এখন আমেৰিকান পতাকা শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়ক : শীঘ্ৰে ইৰাক ত্যাগ কৰিবলৈ আমেৰিকাৰ নাগৰিকক নিৰ্দেশ

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.