নিউজ ডেস্ক, ১০ মে' : দেওবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, কৰ'ণা ভাইৰাছৰ ভয়ত ইৰানে আমেৰিকাৰ সৈতে চৰ্তবিহীন আলোচনাত বহিবলৈ সন্মতি প্ৰকাশ কৰিছে । কয়দীৰ সালসলনিৰ ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰাচ্যৰ দেশখনে । ইৰানৰ নিউজ ৱেবটাইট Khabaronline.ir ত প্ৰকাশ পাইছে এই বাতৰি ।
ইৰানৰ কেবিনেট মুখপাত্ৰ আলি ৰাবিএই প্ৰকাশ কৰা অনুসৰি, দেশখনে কয়দী সালসলনিৰ ক্ষেত্ৰত সকলোধৰণে সাজু আছে । কিন্তু বৰ্তমানলৈ আমেৰিকাই ইয়াৰ প্ৰত্যুত্তৰ দিয়া নাই, আৰু উত্তৰ দিবলৈ অস্বীকাৰ কৰিছে । আমেৰিকাৰ জেলত থকা লোকসকলৰ স্বাস্থ্যৰ প্ৰতি দেশখনে চিন্তা প্ৰকাশ কৰি কোভিড-১৯ৰ ফলত তেওঁলোক অধিক ক্ষতিগ্ৰস্থ হ'ব বুলি প্ৰকাশ কৰিছে । তেহৰানে বিশ্বাস কৰে যে, আমেৰিকাই ইৰানৰ কয়দীসকলৰ স্বাস্থ্য়ৰ প্ৰতি সমানে সজাগ হৈ কাম কৰিব ।
বিগত সপ্তাহত আমেৰিকাই ইৰানত কাৰাবন্দী হৈ থকা এগৰাকী প্ৰাক্তন নৌ-সৈনিকক আমেৰিকালৈ ওভোটাই নিয়াৰ ক্ষেত্ৰত ইৰানক অনুৰোধ কৰিছিল । আনহাতে একেদৰে ইৰানেও আমেৰিকাৰ জেলত বন্দী হৈ থকা এগৰাকী অধ্যাপকক ওভোটাই আনিবলৈ অনুৰোধ কৰিছিল । কিন্তু দুয়োপক্ষৰ মাজৰ এই আলোচনা সম্ভৱপৰ হৈ উঠা নাছিল ।