ETV Bharat / international

কৰ‘ণা বিৰোধী যুঁজঃ যুক্তৰাষ্ট্ৰৰ আহ্বানক সহাৰি "INVNT"ৰ

author img

By

Published : Apr 18, 2020, 8:17 PM IST

বিশ্ববিখ্যাত কাৰ্টুন চৰিত্ৰৰ জৰিয়তে ভাৱ গধুৰ কাহিনী প্ৰকাশ কৰা এজেন্সি "INVNT"য়ে কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে চলা এই যুঁজত ৰাইজক সজাগ কৰাৰ নিমিত্তে তেনে দুটাকৈ কাৰ্টুন চৰিত্ৰ প্ৰকাশ কৰিছে ৷ এই সজাগতা অভিযানত "INVNT" য়ে মেলৱৰ্নস্থিত এনিমেশ্যন ষ্টুডিঅ‘"ভিছকাটুনছ" আৰু "আবেছ অ‘ডি" ক অডিঅ‘ নিৰ্মাণৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আছে ৷

invnt-responds-to-uns-covid-19-brief
কৰ‘ণা বিৰোধী যুঁজঃ যুক্তৰাষ্ট্ৰৰ আহ্বানক সহাৰি " INVNT " ৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 18 এপ্ৰিল : কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ সকলোকে যুক্তৰাষ্ট্ৰ সমূহে নিজৰ নিজৰ ধাৰণাবোৰ লৈ আগুৱাই আহিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে বহু প্ৰতিষ্ঠানে ৷ বিশ্ববিখ্যাত কাৰ্টুন চৰিত্ৰৰ জৰিয়তে ভাৱ গধুৰ কাহিনী প্ৰকাশ কৰা এজেন্সি "INVNT" য়ে কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে চলা এই যুঁজত ৰাইজক সজাগ কৰাৰ নিমিত্তে তেনে দুটাকৈ কাৰ্টুন চৰিত্ৰ প্ৰকাশ কৰিছে ৷ ইয়াৰে প্ৰথমটো এনিমেশ্যন চৰিত্ৰক ছুপাৰ হিৰ‘ৰ ৰূপত তৈয়াৰ কৰা হৈছে ৷ যি ৰাইজক কৰ‘ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাছিবলৈ শাৰিৰীক দিশত ল‘বলগীয়া প্ৰাথমিক সাৱধানতাখিনিৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছে ৷

এই সজাগতা অভিযানত "INVNT" য়ে মেলৱৰ্নস্থিত এনিমেশ্যন ষ্টুডিঅ‘ "ভিছকাটুনছ" আৰু "আবেছ অ‘ডি" ক অডিঅ‘ নিৰ্মাণৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আছে ৷

অন্যহাতে দ্বিতীয়টো কাৰ্টুন চৰিত্ৰৰ জৰিয়তে যুক্তৰাষ্ট্ৰৰ জনতাক টিচু পেপাৰৰ ব্যৱহাৰ আৰু নিষ্কাশন সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ এই অভিযানত সংস্থাটোৱে টিচু পেপাৰ প্ৰস্তুত কৰি তাৰ বাকচ সমূহত বিভিন্ন ধৰণৰ কৰ‘ণা বিৰোধী সজাগতামূলক বাৰ্তাসমূহ অংকণ কৰিছে ৷ ইয়াৰ দ্বাৰা পাকঘৰ, ভাতখোৱা কোঠালী,চাহৰ টেবুল আদিত চকুৰ সন্মুখত থকা টিচুৰ বাকচটোত থকা সজাগতামূলক বাৰ্তাসমূহ দেখি জনসাধাৰণ আৰু অধিক সচেতন হ‘ব পাৰিব বুলি আশা কৰা হৈছে ৷

যুক্তৰাষ্ট্ৰৰ বাহিৰেও অতি কম সময়ৰ ভিতৰত এই সজাগতামূলক অভিযানক বিশ্বৰ অন্যান্য দেশলৈকো লৈ যোৱা হ‘ব বুলি সদৰি কৰে "INVNT" ৰ কতৃপক্ষই ৷

লগতে পঢ়ক : কোভিড-১৯ৰ সমাধান বিছাৰি নাছাৰ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.