ETV Bharat / international

কেপিট'ল হিংসা : Trump rallyৰ ১১গৰাকী আয়োজকক তদন্তকাৰী সমিতিৰ তলব - হোৱাইট হাউচ

কেপিট'ল হিংসাৰ ঘটনাকলৈ অব্যাহত আছে তদন্ত । ইতিমধ্যে তদন্তকাৰী সমিতিয়ে অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ মাজতে ১১ গৰাকী বিষয়াৰ বিৰুদ্ধে চমন জাৰি তদন্তকাৰী সমিতিৰ ।

Trump rally
ট্ৰাম্পৰ সমৰ্থনকাৰী ১১ বিষয়াক তলব তদন্তকাৰী সমিতিৰ
author img

By

Published : Sep 30, 2021, 1:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : চলিত বছৰৰ ৬ জানুৱাৰীৰ আমেৰিকাৰ কেপিট'ল আক্ৰমণে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল । এতিয়াও এই ঘটনাৰ তদন্ত অব্যাহত আছে । তদন্তৰ মাজতে তদন্তকাৰী সমিতিয়ে ১১ গৰাকী বিষয়াৰ বিৰুদ্ধে চমন জাৰি কৰিছে ।

প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সমৰ্থনত উলিওৱা ৰেলীৰ পৰিকল্পনাত জড়িত আছিল বিষয়া কেইগৰাকী । অভিযোগ অনুসৰি, হোৱাইট হাউচৰ প্ৰাক্তন বিষয়াসকল ট্ৰাম্পৰ ঘনিষ্ঠ আছিল আৰু বিদ্ৰোহৰ পূৰ্বে ট্ৰাম্পৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল বিষয়া কেইগৰাকীয়ে । সমিতিখনৰ অধ্যক্ষ মিচিচিপিৰ প্ৰতিনিধি বেনি থম্পছনে এক বিজ্ঞপ্তিত কয় যে ৬ জানুৱাৰীৰ ঘটনাত কেনেদৰে বিষয়াসকল আৰু প্ৰতিষ্ঠানসমূহ জড়িত আছিল তাৰ অনুসন্ধান অব্যাহত আছে ।

শেহতীয়াকৈ সমিতিখনে তদন্ত ক্ষীপ্ৰ কৰি তুলিছে । পুনৰ যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিছে আমেৰিকা প্ৰশাসনে ।

উল্লেখ্য যে ট্ৰাম্পৰ অনুগামীসকলে সেই দিনটোত কেপিট'লত প্ৰৱেশ কৰিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰিছিল । আৰক্ষীক প্ৰহাৰো কৰিছিল প্ৰতিবাদকাৰীসকলে । কেপিট'ল হলৰ বহু সম্পত্তি ধ্বংস কৰিছিল প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :আফগানিস্তানত দেশ এৰি পলায়ন কৰা ইছলামিক গণৰাজ্যৰে চৰকাৰ থাকিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.