ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: সমগ্ৰ বিশ্বতে ভয়াৱহভাৱে COVID-19ৰ সংক্ৰমণ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশত বৰ্তমানলৈকে ৪,০৬,৫১,৪৭২ জন লোক কৰ'ণা মহামাৰীৰ কবলত পৰিছে। COVID-19ৰে যুঁজি মৃত্যুৰে হাৰ মানিছে ১১,২২,৯৯৭ জন ৰোগীয়ে। আনহাতে, বিশ্বত ৩,০৩,৫৬,৮০১ জন ৰোগী সুস্থ হৈ উঠাৰ বাতৰিয়ে আশাৰ সঞ্চাৰ কৰিছে কৰ'ণা আক্ৰান্তৰ মনত।

৮৪,৫৬,৬৫৩ জনৰো অধিক আক্ৰান্তৰে সৈতে মহামাৰীয়ে আটাইতকৈ বেছি জুৰুলা কৰা ৰাষ্ট্ৰৰ তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই পৰ্যন্ত আমেৰিকাত ২,২৫,২২২ জন ৰোগীৰ মৃত্যু হৈছে। আনহাতে দ্বিতীয় স্থানত আছে ভাৰত। কৰ'ণা মহামাৰীত বৰ্তমানলৈকে ৭৫,৯৭,০৬৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ১,১৫,২৩৬ জন ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
উত্সৱৰ বতৰত অসচেনতা প্ৰদৰ্শন কৰি মানুহে মাস্ক নিপিন্ধাকৈ ফুৰিলে আৰু সামাজিক দূৰত্ব বৰ্তাই নাৰাখিলে আক্ৰান্তৰ সংখ্যা অধিক হোৱাৰ আশংকা আছে। এই ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে। ব্যায়ামগাৰ, চিনেমা হল বন্ধ কৰা, ৰেষ্টোৰা আৰু বাৰৰ ভিতৰত খাদ্য গ্ৰহণ নিষিদ্ধ কৰাৰ কথাও এই নিৰ্দেশনাত উল্লেখ আছে।
লগতে পঢ়ক:মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে সাজু ইৰাণ