নিউজ ডেস্ক,১৪ অক্টোবৰ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচত ইতিমধ্য়ে ট্ৰাম্প নিৰ্বাচনী প্ৰচাৰৰ বাবে উভতি আহিছে । অৱশ্যে বৰ্তমানো ফাৰ্চ লেডী পৰ্যবেক্ষণত অহা নাই ।
এসপ্তাহ পূৰ্বে মেলানিয়া ট্ৰাম্পে স্বাস্থ্য সম্পৰ্কত এইদৰে অৱগত কৰিছিল যে,তেওঁৰ দেহত কৰ'ণাৰ কিছু লক্ষণ পোৱা গৈছে। তেওঁৰ সাৰ্বজনীন উপস্থিতি সন্দৰ্ভত এতিয়ালৈ হোৱাইট হাউছে তেওঁক অনুমতি প্ৰদান কৰা নাই ।
প্ৰচাৰ অভিযানৰ অন্তিম সপ্তাহত তেওঁ কি ভূমিকা পালন কৰিব সেয়া লক্ষণীয় হ'ব; কিয়নো আগন্তুক ৩ নৱেম্বৰৰ প্ৰচাৰ অভিযানৰ মাধ্যমেৰে ট্ৰাম্পে দৈনন্দিন ৰেলীৰ এক কাৰ্যসূচীত ভাগ ল'ব।
২৯ ছেপ্তেম্বৰত সংসদীয় প্ৰাৰ্থী জ' বিডেনৰ সৈতে তৰ্কত লিপ্ত হোৱা সময়ত অন্তিমবাৰ মিছেছ ট্ৰাম্পক দেখা পোৱা গৈছিল । মঙলবাৰে মিছেছ ট্ৰাম্পৰ কাৰ্যালয়ে তেওঁৰ উপস্থিতি সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাই ।
আনহাতে মেলানিয়া ট্ৰাম্পে প্ৰচাৰৰ ক্ষেত্ৰত অন্য কৌশল প্ৰয়োগ কৰা বুলি স্পাইছাৰে সন্দেহ প্ৰকাশ কৰে ।
লগতে পঢ়ক: