ৱাছিংটন, 1 জুনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউছৰ সন্মুখত উত্তেজনাময় পৰিৱেশৰ পাচতেই ৱাছিংটন চহৰত দেওবাৰে ঘোষণা কৰা হৈছিল সান্ধ্য আইন । চহৰখনত দেওবাৰে নিশা 11 বজাৰ পৰা সোমবাৰৰ পুৱা 6 বজালৈ জাৰি কৰা হৈছিল সান্ধ্য আইন । আৰক্ষীৰ হেফাজতত এজন নিৰস্ত্ৰ কৃষাংগ লোক জৰ্জ ফ্লয়েডৰ মৃত্যুৰ পাচতেই ৱাছিংটন ডি.চিৰ সন্মুখত প্ৰতিবাদত নামে অসংখ্য লোক । ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় চহৰখনত । এই কথা সদৰী কৰিছে ৱাছিংটন ডিচিৰ মেয়ৰ মুৰিয়েল বাউছাৰে ।
ফ্লয়েডৰ মৃত্যুৰ প্ৰতিবাদত যুক্তৰাষ্ট্ৰৰ ৰাজধানী চহৰত দেওবাৰে তৃতীয় দিনৰ বাবে প্ৰতিবাদত নামিছিল অজস্ৰ লোক । শনিবাৰে 17 জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 11 জন আৰক্ষী বিষয়া আহত হৈছিল বুলি জানিবলৈ দিয়ে ৱাছিংটনৰ মুখ্য় আৰক্ষী বিষয়া পিটাৰ নিউশ্বামে ।
উল্লেখ্য় যে, 46 বছৰীয়া ফ্লয়েডক ডেৰেক চাউভিন নামৰ এজন আৰক্ষী বিষয়াই আঁঠুৰে ডিঙিত হেঁচি ধৰাৰ ফলতেই যোৱা 25 মে'ত মৃত্যু হৈছিল । আনকি লোকজনে উশাহ-নিশাহ ল'বলৈ অসুবিধা পোৱা বুলিও বাৰে-বাৰে আৰক্ষী বিষয়াগৰাকীক নিবেদন কৰিছিল বুলিও জানিব পৰা গৈছে । কিন্তু অৱশেষত মৃত্য়ুক আকোৱালি লয় লোকজনে । ইতিমধ্যে শুকুৰবাৰে থাৰ্ড-ডিগ্ৰী হত্যা আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াজনক ।
ফ্লয়েডৰ মৃত্যুৰ পূৰ্বৰ আবেদনে আফ্ৰিকান আমেৰিকানৰ বেদনাদায়ক স্মৃতিৰ পুনৰাবৃত্তি কৰিছে । 2014 চনতো এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছিল । এটা ম'বাইল ফোনত এৰিক গাৰ্ণাৰৰ উশাহ-নিশাহ ল'ব পৰা নাই বুলি কাকতি-মিনতি কৰা ভিডিঅ' ৰেকৰ্ড কৰা হৈছিল । যেতিয়া নিউইয়ৰ্কৰ এজন আৰক্ষী অধিকাৰীয়ে আৰক্ষীৰ হেফাজতত তেওঁৰ মৃত্যুৰ পূৰ্বে চ'কহল্ডত ৰাখিছিল । তেতিয়াৰ পৰাই দেশজুৰি আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে সময়ে-সময়ে প্ৰতিবাদ হৈ আহিছে ।