ETV Bharat / international

কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ: বিশ্ব স্বাস্থ্য সংস্থা - coronavirus pandemic

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে সোমবাৰে কোৱা মতে কৰ'ণা শেষ হ'বলৈ আৰু বহু দূৰ বাকী । বিশ্বজুৰি ৭৮০ নিযুতৰো অধিক প্ৰতিষেধক ইতিমধ্যে প্ৰদান কৰা হৈছে । তাৰ পিছতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা, পৰীক্ষা কৰা, সংক্ৰমণ অনুসৰণ কৰা আদি বিষয়তো গুৰুত্ব আৰোপ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ।

কৰ'ণা মহামাৰী শেষ হ'বলৈ এতিয়াও বহু দূৰ:বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Apr 13, 2021, 8:46 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক,১৩ এপ্ৰিল: বিশ্বজুৰি যোৱা ৭ সপ্তাহ ধৰি ভয়ংকৰভাৱে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে আৰু যোৱা চাৰি সপ্তাহত অধিক লোকৰ মৃত্যু হৈছে । যাৰ বাবে সংকিত হৈছে বিশ্ব স্বাস্থ্য সংস্থা । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে সোমবাৰে কোৱা মতে কৰ'ণা শেষ হ'বলৈ আৰু বহু দূৰ বাকী ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে এছিয়া আৰু মধ্য প্ৰাচ্যৰ কেইবাখনো দেশত কৰ'ণাৰ ঘটনা যথেষ্ট বৃদ্ধি দেখা হৈছে । কিন্তু বিশ্বজুৰি ৭৮০ নিযুতৰো অধিক প্ৰতিষেধক ইতিমধ্যে প্ৰদান কৰা হৈছে । তাৰ পিছতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে মাস্ক পিন্ধা, সামাজিক দূৰত্ব বজাই ৰখা, পৰীক্ষা কৰা, সংক্ৰমণ অনুসৰণ কৰা আদি বিষয়তো গুৰুত্ব আৰোপ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে । লগতে তেওঁ প্ৰতিষেধক বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ আহিলা বুলি কয় ।

তেওঁ ইয়াকো কয় যে বিশ্বৰ কেইবাখনো দেশে ইতিমধ্যে প্ৰমাণ কৰিছে যে এই মাৰাত্মক ভাইৰাছ ৰোধ কৰিব পৰা যায় । কঠোৰ সামাজিক স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে এই ভাইৰাছক ৰোধ কৰিব পৰা যায় যদিও সীমাহীন লকডাউনৰ পোষকতা কৰা নাই সঞ্চালকগৰাকীয়ে । তেওঁৰ মতে বহু দেশে এই ভাইৰাছৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰি ক্ৰীড়াৰ অনুষ্ঠান, সংগীতৰ অনুষ্ঠান আদি আয়োজন কৰিছে, ৰেষ্টুৰেণ্টলৈ গৈছে আৰু পৰিয়ালৰ সৈতে সুৰক্ষিতভাৱে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে ।

  • "The #COVID19 pandemic is a long way from over. But we have many reasons for optimism.

    The decline in cases and deaths during the first two months of the year shows that this virus and its variants can be stopped"-@DrTedros

    — World Health Organization (WHO) (@WHO) April 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

গতিকে বিশ্ব স্বাস্থ্য সংস্থাইও বিশ্বত পুনৰ সমাজ আৰু অৰ্থনীতি মুকলি হোৱাৰ লগতে ভ্ৰমণ আৰু বাণিজ্য পুনৰ আৰম্ভ হোৱাটো চাব বিচাৰে । কিন্তু এতিয়া বহু দেশত সক্ৰিয় হৈ পৰিছে এই ভাইৰাছ সেয়ে মহামাৰী শেষ হোৱাৰ পৰা এতিয়াও বহু দূৰত । কিন্তু তাৰ মাজতে বহু কাৰণত আশাবাদী হ'বলৈও ৰাইজক আহ্বান জনাইছে সঞ্চালকগৰাকীয়ে ।

তেওঁৰ মতে উপযুক্ত প্ৰতিষেধক প্ৰদান আৰু স্বাস্থ্য বিধি পালনেৰে অতি সোনকালে এই মহামাৰীৰ পৰা সকলোৱে নিয়ন্ত্ৰণলৈ আনিব পাৰিব কৰ'ণাক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিঞ্চ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বিশ্বত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ২.৯৪ নিযুত বৃদ্ধি পাইছে , প্ৰায় ১৩৬.৩ নিযুত সংক্ৰমণৰ ঘটনা নতুনকৈ ধৰা পৰিছে ।

লগতে পঢ়ক: ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.