ETV Bharat / international

কাবুল বিমানবন্দৰত পুনৰ আক্ৰমণৰ আশংকা - কাবুল বিমানবন্দৰত পুনৰ আক্ৰমণ

কাবুল বিমানবন্দৰ(Kabul airport)ত পুনৰ আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা ৷ এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰিছে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন(US President Joe Biden)এ ৷ আগন্তুক 24-36 ঘন্টাৰ ভিতৰত আক্ৰমণ সংঘটিত হোৱাৰ আশংকা ৷

Another attack at Kabul airport highly likely in 24-36 hours, warns Biden
কাবুল বিমানবন্দৰত পুনৰ আক্ৰমণৰ আশংকা
author img

By

Published : Aug 29, 2021, 4:58 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , 29 আগষ্ট : কাবুল বিমানবন্দৰ(Kabul airport)ত পুনৰ সংঘটিত হ'ব পাৰে এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ৷ সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে(US President Joe Biden) পুনৰ কাবুল বিমানবন্দৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে ৷ এক বিবৃতিযোগে এইক্ষেত্ৰত সকলোকে সতৰ্ক কৰি দি বাইডেনে কয়, "পৰিস্থিতি অত্যন্ত বিপদজনক হৈ পৰিছে, যাৰ বাবে বিমানবন্দৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা(threat of terrorist attacks )ও বৃদ্ধি পাইছে ৷ আমাক কমাণ্ডাৰ সকলে মোক জানিবলৈ দিয়া মতে, আগন্তুক 24-36 ঘন্টাৰ ভিতৰত আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা অধিক" ৷

বৃহস্পতিবাৰে হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Hamid Karzai International Airport)ত সংঘটিত আক্ৰমণৰ ঘটনাৰ পাচতে ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰিছে ৷ বৃহস্পতিবাৰৰ আক্ৰমণত এজন আত্মঘাতি বোমাৰু( suicide bomber ) আৰু একাধিক আইএছআইএছ-কে(ISIS-K) বন্দুকধাৰীয়ে সংযুক্ত ৰাষ্ট্ৰৰ 13 জন service memberৰ সৈতে কমেও 169 আফগান নাগৰিক(Afghan civilians)ক হত্যা কৰিছিল ৷

লগতে পঢ়ক : একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

বাইডেনে বিবৃতিটোত এইবুলি উল্লেখ কৰে, "আজি ৰাতিপুৱা ৱাশ্বিংটনত মই মোৰ ৰাষ্ট্ৰীয় সুৰক্ষা দল আৰু কমাণ্ডাৰসকলক সাক্ষাৎ কৰিছিলো ৷ US বাহিনীয়ে আফগানিস্তানত ISIS-Kৰ ওপৰত চলোৱা strike সন্দৰ্ভত আমি আলোচনা কৰিছিলো ৷ মই কৈছিলো যে কাবুলত আমাৰ সৈন্য আৰু নিৰীহ নাগৰিকৰ ওপৰত আক্ৰমণৰ বাবে দায়ী গোটটোৰ পাচতহে আমি যাম ৷ '

ISIS-Kৰ ওপৰত চলোৱা strike শেষৰটো strike নহয় বুলি মন্তব্য কৰি বাইডেনে কয় যে, নিৰীহ নাগৰিক আৰু আমেৰিকান সৈন্যবাহিনীৰ ওপৰত চলোৱা আক্ৰমণৰ বাবে দায়ী প্ৰতিজনকে উচিত শাস্তি দিয়াৰ বাবে সংযুক্ত ৰাষ্ট্ৰই অভিযান অব্যাহত ৰাখিব ৷ সংযুক্ত ৰাষ্ট্ৰ নাইবা সংযুক্ত ৰাষ্ট্ৰৰ সৈন্যক যিয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'ব উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ নাথাকিব বুলিও বাইডেনে মন্তব্য কৰে ৷

লগতে পঢ়ক : আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

ISIS-Kৰ আক্ৰমণত নিহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসকল(US troop)লৈ শ্ৰদ্ধা জ্ঞাপন কৰি বাইডেনে সংযুক্ত ৰাষ্ট্ৰই হেৰুওৱা 13 জন সৈন্যক নায়ক আখ্যা দিয়ে ৷ তেওঁ কয় যে, আমেৰিকান আদৰ্শৰ স্বাৰ্থত সেৱা আগবঢ়োৱা আৰু আনৰ জীৱন ৰক্ষা কৰি চূড়ান্ত ত্যাগৰ পৰিচয় দিয়া 13 জন সৈনিকেই একো একোজন নায়ক ৷

কাবুলত বৰ্তমান এক অবিশ্বাসী পৰিস্থিতিয়ে বিৰাজ কৰা স্বত্বেও সংযুক্ত ৰাষ্ট্ৰই সাধাৰণ নাগৰিকসকলক দেশখনৰ পৰা স্থানান্তৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি বাইডেনে জানিবলৈ দিয়ে ৷ আফগানিস্তানৰ পৰা সংযুক্ত ৰাষ্ট্ৰৰ সেনাবাহিনী সম্পূৰ্ণৰূপে আঁতৰি যোৱাৰ পূৰ্বে ইচ্ছুক লোকসকলক আফগানিস্তান ত্যাগ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে বুলিও বাইডেনে সদৰী কৰে ৷

লগতে পঢ়ক : আৰ্হি সলনি হ'লেও স্থিতি একেই; আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব সংগীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.