ETV Bharat / international

ব্ৰাজিলত কৰ'ণা আতংক : কাৰাগাৰৰ পৰা পলায়ন 1,500 বন্দী - ব্ৰাজিলৰ স্বাস্থ্য বিভাগ

ব্ৰাজিলৰ কাৰাগাৰৰ পৰা পলায়ন 1,500 বন্দী ৷ অস্থায়ী ছুটী লাভ কৰিবলৈ সক্ষম নহ'ব বুলিয়ে এনেদৰে পলায়ন বন্দীৰ ৷

ব্ৰাজিলত কৰ'ণা আতংক
ব্ৰাজিলৰ কাৰাগাৰৰ পৰা পলায়ন 1,500 বন্দী
author img

By

Published : Mar 17, 2020, 5:57 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 17 মাৰ্চ : ব্ৰাজিলৰ স্থানীয় সংবাদ মাধ্যমে প্ৰদান কৰা তথ্য অনুসৰি, কৰ'ণাভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পাচতে কাৰাগাৰৰ পৰা পলায়ন কৰে প্ৰায় 1,500 বন্দীয়ে ৷

সোমবাৰৰ পৰা চৰকাৰে কাৰাবন্দী ৰোগীক আছুতীয়া গৃহত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াৰ পাচতে বন্দীসকলে অস্থায়ী ছুটী লাভ নকৰিব বুলি চিন্তিত হৈ এনেদৰে পলায়ন কৰে ৷

ছাও পাওলোৰ সাৰ্বজনীন সুৰক্ষা সচিবালয়ে জানিবলৈ দিয়ে যে, এনে ব্যৱস্থাৰ জৰিয়তে প্ৰায় 34,000 কাৰাবন্দীৰ স্বাস্থ্য সুৰক্ষিত হৈ থাকিব ৷

ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, বৰ্তমানলৈকে ব্ৰাজিলৰ 234 জন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে ৷

আৰু পঢ়ক : কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.