ETV Bharat / international

ছিকাগোত অন্তিম সৎকাৰ সময়ত গুলিয়াগুলি,আহত ১৪

মঙলবাৰে আমেৰিকাৰ ছিকাগোত সংঘটি হয় প্ৰচণ্ড গুলিয়াগুলি। মৃতকৰ অন্তিম সৎকাৰৰ সময়ত এছইউভিৰে দুৰ্বৃত্তই সংঘটিত কৰে এই গুলিয়াগুলি । যাৰ পৰিপ্ৰেক্ষিতত ১৪ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

ছিকাগো
ছিকাগো
author img

By

Published : Jul 22, 2020, 3:11 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃ আমেৰিকাৰ ছিকাগো চহৰত মঙলবাৰে সন্ধিয়া সংঘটিত হয় প্ৰচণ্ড গুলিয়াগুলি । মঙলবাৰে নিশা ছিকাগোত মৃতকৰ অন্তিম সৎকাৰৰ সময়তে সংঘটিত হয় এই গুলিয়াগুলি ঘটনা । যাৰ পৰিপ্ৰেক্ষিতত ১৪ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

ছিকাগো
ছিকাগোত অন্তিম সৎকাৰ সময়ত গুলীয়াগুলি, আহত ১৪

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি,এটা বাসগৃহৰ বাহিৰত অন্তিম সৎকাৰত যোগদান কৰিবলৈ একত্ৰিত হোৱা সময়তে এটা এছইউভিৰে দ্ৰুত গতিত গুলিচালনা কৰিবলৈ আৰম্ভ কৰে । এই গুলিচালনাৰ বাবেই কেইবা ঠাইত অগ্নিকাণ্ড সংঘটিত হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে । হঠাৎ এনেদৰে গুলিচালনা কৰা এছইউভি খন এটা খুটাত খুন্দিয়াৰ পাচতে এছইউভি খনত থকা আটাইকেইজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত এজন অপৰাধীক গ্ৰেপ্তাৰ কৰে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে ।

গৃহ বিভাগে চহৰখনত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ শতাধিক ফেডাৰেল এজেণ্ট মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ বাবেই অপৰাধীয়ে আগতীয়াকৈ এই ঘটনা সংঘটিত কৰাৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে ।

লগতে চাওকঃ বাঘজান তৈলখাদত ভয়ংকৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.