নিউজ ডেস্ক, ৪ জুলাইঃ দক্ষিণ আফ্ৰিকাৰ বোস্তৱানাৰ ৱাকভাংগো ডেল্টা অঞ্চলত ৩৫৬ টা কৈ হাতীৰ মৃত্য়ু হোৱা গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগে । তদন্তৰ সময়তে অঞ্চলটোত বৰ্তমান পৰ্যন্ত ২৭৫ টা হাতীৰ মৃতদেহ লাভ কৰিছে বুলি সদৰি কৰে বন্য প্ৰাণী আৰু ৰাষ্ট্ৰীয় পাৰ্ক বিভাগৰ কাৰ্যবাহী পৰিচালক ছিৰীল তাৱলে । লগতে বিষয়া গৰাকীয়ে কয় যে, হাতীসমূহৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই । কিন্তু কোনো চিকাৰীয়ে এই হাতীসমূহৰ হত্যা কৰা নাই ।
কিয়নো কোনো চিকাৰী এই বৃহৎ পৰিমাণৰ হাতী হত্যা কৰিলে হাতীৰ দাঁত সমূহ উলিয়াই লৈ গ'ল হয় । আমি ইতিমধ্যে মৃত্যু হোৱা হাতীসমূহৰ মৃতদেহ পৰীক্ষাৰ বাবে দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু কানাডালৈ প্ৰেৰণ কৰিছো । ইয়াৰ পূৰ্বেও মে' মাহত ১২ টা হাতীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছিলো বুলি মত প্ৰকাশ কৰে ।
আনহাতে, এনেদৰে হাতীসমূহে অকাল মৃত্য়ুক আকোৱালি লোৱা খবৰ পোণ প্ৰথমে বন্যজীৱ সংৰক্ষণৰ বাবে কাম কৰা সংস্থা এলিফেণ্ট বিদআউট বাদাৰ্চ দিয়ে বুলি জানিবলৈ দিয়ে ।