নেশ্যনেল ডেস্ক, ১১ জুন: ৰাজধানী দিল্লীত আপ চৰকাৰ আৰু নগৰ নিগমে কোভিড-১৯ৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি চাফাই কৰ্মচাৰীসকলৰ সুৰক্ষাত পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে সদৰী কৰে এই কথা । লগতে,ন্যায়াধীশ হিমা কোহলী আৰু সুব্ৰমণিয়াম প্ৰসাদৰ বিচাৰপীঠে এইটো সদৰী কৰে যে,আপ চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিৰ্দেশনাসমূহো পালন কৰি আছে ।
উচ্চ ন্যায়ালয়ে আপ চৰকাৰ আৰু তিনিওখন নগৰ নিগমক দিল্লীৰ চাফাই কৰ্মচাৰীৰ সংখ্যা আৰু তেওঁলোকে ব্যৱহাৰ কৰা পিপিই কিটৰ সংখ্যাৰ হিচাপ দিবলৈ আদেশ দিছিল । বিচাৰপীঠে সদৰী কৰা মতে, পিপিই কিটসমূহ সকলো চাফাই কৰ্মীয়ে ব্যৱহাৰ কৰি আছে আৰু এবাৰ ব্যৱহাৰৰ পিছত কিটসমূহ পেলাই দিয়া হৈছে । চাফাই কৰ্মীসকলক চাৰ্জিকেল তথা এন-৯৫ মাস্ক পৰিধান কৰোৱা হয় বুলি বিচাৰপীঠে উল্লেখ কৰে । উচ্চ ন্যায়ালয়ে চাফাই কৰ্মীসকলক চাফাই কামত ৰাসায়নিক কীটানুনাশক দ্ৰব্য ব্যৱহাৰ নকৰিবলৈ আদেশ দিয়ে ।
লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ হাতত মৃত্যু ৬৮ জন সন্ত্ৰাসবাদীৰ