ETV Bharat / entertainment

The Hunt For Veerappan Trailer: ১১৯ জন লোকক হত্যা কৰা বীৰাপ্পানৰ ওপৰত ধাৰাবাহিক, মুকলি হ’ল ট্ৰেইলাৰ - দ্য হাণ্ট ফৰ বীৰাপ্পান

১১৯ জন লোকক হত্যা কৰা চন্দন কাঠ সৰবৰাহকাৰী বীৰাপ্পানৰ ওপৰত আহিব এখন ধাৰাবাহিক। ধাৰাবাহিকখন মুকলি হ’ব নেটফ্লিক্সত ৷ আজি মুকলি হৈছে ট্ৰেইলাৰ যাৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে।

WATCH  The Hunt For Veerappan trailer throws spotlight on dreaded criminal
বীৰপ্পানৰ ট্ৰেইলাৰ
author img

By

Published : Jul 27, 2023, 7:43 PM IST

চিটাৰা ডেস্ক, 27 জুলাই: অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত আহি আছে দ্য হাণ্ট ফৰ বীৰাপ্পান শীৰ্ষক এখন নতুন তথ্যচিত্ৰ ধাৰাবাহিক । এই ধাৰাবাহিকখন দক্ষিণ ভাৰতৰ চন্দন কাঠ সৰবৰাহকাৰী বীৰাপ্পানৰ ওপৰত আধাৰিত ৷ বৃহস্পতিবাৰে ট্ৰেইলাৰ মুকলি কৰিছে নেটফ্লিক্সে, য’ত বীৰাপ্পানৰ অপৰাধৰ আভাস দেখা পোৱা গৈছে।

ট্ৰেইলাৰৰ আৰম্ভণিতে এটা ভইচ অভাৰ, য’ত বীৰাপ্পানৰ অপৰাধৰ কথা উল্লেখ কৰা হৈছে । কোৱা হৈছে যে ইতিহাসত বীৰাপ্পানৰ দৰে অপৰাধী কেতিয়াও হোৱা নাই । লগতে ট্ৰেইলাৰটোত কোৱা হৈছিল যে বীৰাপ্পানে ১১৯ জন লোকক হত্যা কৰিছে। এই ট্ৰেইলাৰটো শ্বেয়াৰ কৰি নেটফ্লিক্সে লিখিছে, "এজন চোৰাংচোৱাৰ মাফিয়া হোৱাৰ কাহিনী ।"

বীৰাপ্পান কোন ?

বীৰাপ্পান আছিল দক্ষিণ ভাৰতৰ চোৰাং ব্যৱসায়ী । অপৰাধেৰে সৃষ্টি কৰিছিল চাঞ্চল্যৰ বীৰাপ্পানে । কোৱা হয় যে শ শ মানুহ হত্যা কৰাৰ সমান্তৰালকৈ তেওঁ ২০০০ ৰো অধিক হাতী চিকাৰ কৰিছিল । কোৱা হয় যে হাতী চিকাৰ কৰাৰ পিচত তেওঁ হাতীবোৰৰ দাঁত চোৰাংভাৱে বিক্ৰী কৰিছিল । পিচত তামিলনাডুৰ বিশেষ টাস্ক ফ’ৰ্চে বীৰাপ্পানৰ এনকাউন্টাৰ কৰে ।

কেতিয়া মুক্তি পাব ধাৰাবাহিকখন ?

যদি আমি এই ধাৰাবাহিকখনৰ কথা কওঁ, তেন্তে ই হিন্দী, ইংৰাজী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব । ই ৪ আগষ্টত নেটফ্লিক্সত মুক্তি পাব । যদিও এয়া প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও বীৰাপ্পানৰ কাহিনী পৰ্দাত দেখুওৱা হৈছে ।

২০১৬ চনত বীৰাপ্পানৰ ওপৰত একে নামেৰে এখন ছবি আছিল, য’ত অভিনেতা সন্দীপ ভৰদ্বাজে তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনা কৰিছিল ৰাম গোপাল বৰ্মাই । সেই ছবিখনত শিৱ ৰাজকুমাৰ, শচীন জে যোশী, লিজ ৰে আৰু জৰীণ খানৰ দৰে তাৰকাকো দেখা গৈছিল । এই ছবিখন অ’টিটি প্লেটফৰ্ম প্ৰাইম ভিডিঅ’ আৰু ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ । অৱশ্যে ৱেব ছিৰিজ দ্য হাণ্ট ফৰ বীৰাপ্পানৰ বিষয়ে কোৱা হৈছে যে ই চাৰিটা খণ্ডৰ ধাৰাবাহিক হ’ব ।

লগতে পঢ়ক: Har Har Mahadev Song OUT: OMG 2 ৰ নতুন গীত 'হৰ-হৰ মহাদেৱ'ৰ মুক্তি, মহাকালৰ ৰূদ্ৰ ৰূপত অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.